Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত "দিগদৰ্শন"ৰ শাৰদীয় কবি সন্মিলন আৰু গ্ৰন্হ উন্মোচনী সভা সম্পন্ন

গণ বার্তা, পশ্চিম যোৰহাট, ২৭ অক্টোবৰ :  অসমৰ অন্যতম প্ৰকাশন গোষ্ঠী  দিগদৰ্শন প্ৰকাশনৰ সৌজন্যত এখন গ্ৰন্হ উন্মোচনী সভা আৰু শাৰদীয় কবি সন্মিলন...


গণ বার্তা, পশ্চিম যোৰহাট, ২৭ অক্টোবৰ :  অসমৰ অন্যতম প্ৰকাশন গোষ্ঠী  দিগদৰ্শন প্ৰকাশনৰ সৌজন্যত এখন গ্ৰন্হ উন্মোচনী সভা আৰু শাৰদীয় কবি সন্মিলন যোৰহাটৰ পুলিবৰত শতাধিক সাহিত্যপ্ৰেমী ৰাইজৰ উপস্হিতিত অনুষ্ঠিত হয়। অনুষ্ঠানটি উদীয়মান নৃত্যশিল্পী উদেষ্ণা বৰাৰ  নৃত্য পৰিৱেশনৰে শুভাৰম্ভ হয়। যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক ইন্দ্ৰেশ্বৰ দাসে উদ্ধোধনী ভাষণ,"দিগদৰ্শন"ৰ সম্পাদক পংকজ কুমাৰ দাসে আঁত তথা উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত দীপালী শইকীয়া গগৈৰ কাব্যগ্ৰন্হ"হৃদয়ৰ বাৰ্তা",সুৰভি বৰপাত্ৰ গোহাঁই চেতিয়াৰ গল্প সংকলন"স্বপ্নালয়" আৰু কাব্যগ্ৰন্হ "স্মৃতিৰ পাপৰি",স্পনানী গগৈ চেতিয়াৰ কাব্যগ্ৰন্হ"সহযাত্ৰী" উন্মোচন হয়। ২০২০ বৰ্ষৰ এনাজৰী সাহিত্য- সংস্কৃতি গোষ্ঠীৰ এনাজৰী বঁটাপ্ৰাপক আৰেছা বেগম,বিশিষ্ট কবি-সাহিত্যিক মহেশ্বৰ বসুমতাৰী,ৰমেন শইকীয়া,গীতাঞ্জলি দেৱী,অদিতি দেৱীয়ে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰা অনুষ্ঠানত অসমৰ এগৰাকী মননশীল কবি-গল্পকাৰ স্পনানী গগৈ চেতিয়াক "সাহিত্যপ্ৰাণ" উপাধিৰে সন্মানিত কৰে। কল্যাণী বাল্যভৱনৰ ছাত্ৰী অদিতি কলিতাৰ সৃষ্টিশীল নৃত্য পৰিৱেশনে সকলোৰে  মন মুগ্ধ কৰা অনুষ্ঠানত তিনিচুকীয়াৰ ডিগবৈৰ বিশিষ্ট শিশু সাহিত্যিক মঞ্জুলা বড়া,গোলাঘাট দেৰগাঁৱৰ কবি অদিতি দেৱী,শিৱসাগৰৰ বিশিষ্ট কবি গীতাঞ্জলি দেৱীয়ে বিশিষ্ট অতিথিৰূপে ভাষণ আগবঢ়ায়।অনুষ্ঠানত যোৰহটৰ   সন্ধ্যাৰাণী বেজবৰুৱা,ৰিয়াৰাণী দত্ত,শিৱসাগৰৰ আমগুৰিৰ দীপালী শইকীয়া গগৈ,গোলাঘাটৰ   ৰঙামণিৰ বকুলী গগৈ আৰু ৰঙামাটি চেউনি কমাৰগাঁওৰ বিজয়া দেৱীক দিগদৰ্শন সাহিত্য সন্মানেৰে বঁটা কৰাৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট সমাজসেৱক গজেন তামুলীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। কবি আৰেছা বেগম,গীতাঞ্জলি দেৱী, জ্যোৎস্না বৰা শইকীয়া,সন্ধ্যাৰাণী বেজবৰুৱা,মঞ্জুলা বড়া আদি অসমৰ বিভিন্ন জিলাৰ প্ৰায় চল্লিশগৰাকী কবিয়ে কবিতা পাঠ কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।

No comments