Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মহঙা আলু : ৩০ হাজাৰ টন আলু আমদানি কৰিব চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা

নতুন দিল্লী, ৩১ অক্টোবৰ :  আকাশলং¸ঘী হোৱা আলু আৰু পিয়াঁজৰ মূল্য হ্ৰাস অথবা নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ তৎপৰ হৈছে। বৰ্তমান সময়ত দেশৰ বজা...



নতুন দিল্লী, ৩১ অক্টোবৰ :  আকাশলং¸ঘী হোৱা আলু আৰু পিয়াঁজৰ মূল্য হ্ৰাস অথবা নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ তৎপৰ হৈছে। বৰ্তমান সময়ত দেশৰ বজাৰত অভাৱনীয় হাৰত আলু আৰু পিয়াঁজৰ মূল্য বৃদ্ধি পাইছে। যি সময়ত লকডাউনৰ বাবে দেশৰ বহুসংখ্যকে কাম হেৰুৱাই এটা টকা অথবা দুবেলা দুমুঠিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে, তেনে সময়তে আলু আৰু পিয়াঁজৰ বজাৰমূল্য বৃদ্ধিৰ জুই জ্বলিছে। কেন্দ্ৰীয় চৰকাৰে এতিয়া দেশৰ আলু আৰু পিয়াঁজৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ চুবুৰীয়া দেশ ভূটানৰ পৰা ৩০ হাজাৰ টন আলু আমদানি কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ ফলত শীঘ্ৰে দেশ অথবা ৰাজ্যৰ বজাৰ ভূটানৰ আলুৰে ভৰি পৰিব। 

কেন্দ্ৰীয় উপভোক্তা মন্ত্ৰী পীয়ূষ গোৱেলে কয় যে দেশৰ বজাৰত আলুৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আৰু মূল্য নিয়ন্ত্ৰণ কৰিবলৈ ভূটানৰ পৰা ৩০ হাজাৰ টন আলু আমদানি কৰা হ’ব। ইয়াৰ যাৱতীয় প্ৰক্ৰিয়া সম্পন্ন হৈছে বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে সাত হাজাৰ টন পিয়াঁজ ইতিমধ্যে আমদানি কৰা হৈছে। ইয়াৰ উপৰি দীপাৱালীৰ পূৰ্বে ২৫ হাজাৰ টন আৰু পিয়াঁজ আমদানি কৰা হ’ব। উল্লেখ্য যে দেশৰ বজাৰত পিয়াঁজৰ অভাৱ হোৱাৰ বাবে চৰকাৰে পিয়াঁজ আৰু পিয়াঁজৰে প্ৰস্তুত কৰা খাদ্য-সামগ্ৰীৰ ৰপ্তানি নিষিদ্ধ কৰিছে।

No comments