Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কাজিৰঙা পৰ্যটকৰ বাবে মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে

গণ বাৰ্তা, বোকাখাত , ২১ অক্টোবৰ :   সমগ্ৰ বিশ্বতে কভিড-১৯ মহামাৰীৰ  প্ৰকোপ কিছু সামকাটি অহাত বৰ্তমান পৰিস্থিতি কিছু স্বাভাৱিক অৱস্থালৈ ৰূপান...


গণ বাৰ্তা, বোকাখাত , ২১ অক্টোবৰ :   সমগ্ৰ বিশ্বতে কভিড-১৯ মহামাৰীৰ  প্ৰকোপ কিছু সামকাটি অহাত বৰ্তমান পৰিস্থিতি কিছু স্বাভাৱিক অৱস্থালৈ ৰূপান্তৰ হৈছে ।  কভিড মহামাৰীৰ ফলত জনজীৱনত সাংঘাতিক প্ৰভাৱ পৰাৰ লগতে বিশেষকৈ পৰ্যটন ব্যৱসায়ত ভীষণ আৰ্থিক মন্দাৱস্থৰ সৃষ্টি হৈছিল । পলমকৈ হলেও বৰ্তমান পৰিস্থিতি কিছু স্বাভাৱিক হোৱাত আজি বিশ্বৰ সৰ্বাধিক এটা খড়্গ থকা গড়ঁৰ বাসস্থান  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আনুষ্ঠানিক ফিতা কাটি দেশ - বিদেশৰ পৰ্যটকৰ বাবে উদ্যানৰ দ্বাৰা মুকলি কৰে । প্ৰায় সাত  মাহৰ বিৰতিৰ পিছত আজিৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনাৰ্থীৰ কাৰণে মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয় কভিডৰ সময়ত সকলো নীতি নিৰ্দেশনা মানি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আনুষ্ঠানিক ভাৱে মুকলি কৰাৰ কথা ঘোষণা কৰে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সংৰক্ষণৰ ক্ষেত্ৰত ইয়াৰ চাৰিওকাষে থকা স্থানীয় ৰাইজ তথা সাংবাদিকৰ অবদানৰ কথা দুহাৰে । উল্লেখ্য আজি মন্ত্ৰী চন্দ্ৰ মোহন পাটুৱাৰী , অতুল বৰাই, কেশৱ মহন্ত, বন বিভাগৰ উচ্চ পদস্থ বিষয়া, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ ,বন সংমন্ডল বিষয়া মুকুট দাস , ৰমেশ গগৈ স্থানীয় ৰাইজ আদিৰ উপস্থিতিত  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত উদ্যানৰ দ্বাৰ ফিতা কাটি মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত জীপ ছাফাৰী কৰে । মুখ্যমন্ত্ৰীয়ে আৰু জানিব দিয়া মতে বি জে পি শাসিত চৰকাৰৰ দিনত চোৰাং চিকাৰী ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা লোৱাত পূৰ্বৰ তুলনাত কাজিৰঙাত গঁড় নিধন হ্ৰাস পাবলৈ সক্ষম হৈছে । ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলও আনুষ্ঠানিক ভাৱে মন্ত্ৰী কেশব মহন্তই আনুষ্ঠানিক ভাৱে পৰ্যটকৰ বাবে মুকলি কৰে ।  উল্লেখ্য কভিড মহামাৰীৰ কথা চিন্তা কৰি এইবাৰ ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণে জাৰি কৰা নীতি নিৰ্দেশনা মতেহে পৰ্যটকে উদ্যান ভ্ৰমণ কৰিব লাগিব । ১০ বছৰৰ তলৰ আৰু ৬৫ বছৰৰ উৰ্ধৰ লোকে উদ্যানত প্ৰবেশ কৰিব নোৱাৰিব । অন্যহাতে পৰ্যটকক কঢ়িয়াই নিয়া জীপছী গাড়ীসমূহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰবেশ দ্বাৰত চেনিটাইজেচন কৰাৰ বাবে উদ্যান কৰ্ত্তৃপক্ষই ইতিমধ্যে বিজ্ঞানসন্মত ভাৱে ব্যৱস্থা কৰিছে । যাতে পৰ্যটকৰ সকলো গাড়ী উদ্যানত প্ৰবেশ কৰাৰ পূৰ্বে  চেনিটাইজেচন কৰা হয় । উল্লেখ্য আজি  ৰাষ্ট্ৰীয় উদ্যানখনৰ কেৱল কহঁৰা আৰু বাগৰি বনাঞ্চলহে পৰ্যটকৰ বাবে জীপ ছাফাৰীৰ কাৰণে মুকলি কৰা হব । পৰৱৰ্তী সময়ত বুঢ়াপাহাৰ আৰু অগৰাতলি বনাঞ্চল মুকলি কৰা হব বুলি উদ্যান কৰ্ত্তৃপক্ষই জানিব দিয়ে । হাতী ছাফাৰী নবেম্বৰ মাহত আৰম্ভ কৰা হব । বন সংমন্ডল বিষয়া ৰমেশ গগৈয়ে জানিব দিয়া মতে কহঁৰা বনাঞ্চলৰ অধীনত মিহিমুখৰ পৰা ভৈচামাৰী লৈকে প্ৰায় আঠ কিলোমিটাৰ আৰু বাগৰি বনাঞ্চলৰ অধীনত ডুঙা তথা বিমলী তিনিআলি লৈকে প্ৰায় ছয় কিলোমিটাৰ পথ পৰ্যটকে জীপ ছাফাৰী কৰিব পাৰিব । পৰৱৰ্তী সময়ত উদ্যানৰ বাট - পথবোৰ মেৰামতি কৰিলে পৰ্যটকে উদ্যানৰ ভিতৰত অধিক এলেকা ভ্ৰমণ কৰাৰ সুবিধা পাব ।

No comments