Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অসম-মিজোৰাম সীমান্তৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কত প্ৰধানমন্ত্ৰীৰে মুখ্যমন্ত্ৰী সোণোৱালৰ টেলিফোনিক বাৰ্তালাপ

  ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৯ অক্টোবৰ :  কাছাৰ জিলাৰ অসম-মিজোৰাম সীমান্তত উদ্ভৱ হোৱা শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণ...

 

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৯ অক্টোবৰ :  কাছাৰ জিলাৰ অসম-মিজোৰাম সীমান্তত উদ্ভৱ হোৱা শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক টেলিফোনযোগে সবিশেষ অৱগত কৰে। বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীয়ে কাছাৰ জিলাৰ লায়লাপুৰ এলেকাত সংঘটিত পৰিস্থিতি সম্পৰ্কত প্ৰধানমন্ত্ৰীক সবিশেষ অৱগত কৰাৰ উপৰি এই সম্পৰ্কত কালি মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ সৈতে হোৱা বাৰ্তালাপৰ বিষয়ে অৱগত কৰে। সীমান্তত উদ্ভৱ হোৱা আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে। বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুয়োখন ৰাজ্যৰ মাজত উদ্ভৱ হোৱা পৰিস্থিতি প্ৰশমনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা যথোচিত পদক্ষেপ লোৱা হ’ব বুলি মুখ্যমন্ত্ৰীক আশ্বাস প্ৰদান কৰে। উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ সৈতে আজি টেলিফোনিক বাৰ্তালাপৰ পূৰ্বে মুখ্যমন্ত্ৰী সোণোৱালে অসম-মিজোৰাম সীমান্তত উদ্ভৱ হোৱা পৰিস্থিতি সম্পৰ্কত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও টেলিফোনযোগে বাৰ্তালাপ কৰি সবিশেষ অৱগত কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়েও দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত উদ্ভৱ হোৱা এনে পৰিস্থিতি প্ৰশমনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে যাৱতীয় সহায়-সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্ৰী সোণোৱালক আশ্বাস প্ৰদান কৰে। আনহাতে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাইও এক টুইট যোগে দুয়োখন ৰাজ্যৰ মাজত উদ্ভৱ হোৱা পৰিস্থিতি প্ৰশমনৰ দিশত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লোৱা ইতিবাচক পদক্ষেপক আদৰণি জনাইছে। মুখ্যমন্ত্ৰী সোণোৱালৰ এই ইতিবাচক দৃষ্টিভংগীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত থকা ভাতৃত্ববোধৰ এনাজৰী তথা সু-সম্পৰ্ক অধিক সুদৃঢ় কৰিব বুলি তেখেতে মত প্ৰকাশ কৰে।

No comments