সমাজ পৰিবৰ্তনৰ বাবে বৌদ্ধিক আন্দোলন গঢ়ি তুলিব লাগিব ঃ ছাহজাহান তালুকদাৰ ষ্টাফ ৰিপৰ্টাৰ, নগাঁও, গণ বাৰ্তা, জুৰীয়া, ১১ অক্টোবৰ ঃ ‘গৰাখহনীয়াগ্...
সমাজ পৰিবৰ্তনৰ বাবে বৌদ্ধিক আন্দোলন গঢ়ি তুলিব লাগিব ঃ ছাহজাহান তালুকদাৰ
খলিফাই ‘কা’ আইন বলৱৎ কৰি হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অসমীয়া ৰাইজে সময়ত উচিত প্ৰত্যুত্তৰ দিব বুলি মন্তব্য কৰে। সভাপতি খলিফাই ভাষণ প্ৰসংগত ৰাজ্য চৰকাৰে মাদ্ৰাছা শিক্ষানুষ্ঠানসমূহ বন্ধ কৰাৰ তীব্ৰ বিৰোধিতা কৰে। এই কাৰ্য কৰি এটা জনগোষ্ঠীৰ লোকৰ মনত আঘাত নিদিবলৈ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কাতৰ আহ্বান জনায়।
সংগ্ৰাম পৰিষদৰ জিলা সমিতিৰ সভাপতি এহিয়া হাচান আনচাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত ‘দৈনিক গণ অধিকাৰ’ কাকতৰ সঞ্চালক ছাহজাহান তালুকদাৰে কয়, সমাজ পৰিৱৰ্তনৰ কাৰণে শিক্ষাৰ প্ৰয়োজন। যেতিয়াই এখন সমাজ সম্পূৰ্ণৰূপে শিক্ষিত হৈ উঠিব, তেতিয়াই সমাজৰ পৰা কু-প্ৰথাবোৰ আপোনা-আপুনি দূৰ হৈ যাব। সেয়ে তেওঁ সমাজ পৰিৱৰ্তনৰ ভাবে বৌদ্ধিক আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাই কয়, সমাজৰ সকলো শ্ৰেণীৰ লোক শিক্ষিত হ’লে সেইখন সমাজ উন্নয়নৰ দিশত আগবাঢ়ি যোৱাত কোনেও বাধা দি ৰাখিব নোৱাৰে।
তালুকদাৰে সমাজ উন্নয়নত সংবাদ মাধ্যমৰ ভূমিকা প্ৰসংগত লগতে কয়, মিডিয়াই এখন সমাজ বা জাতিৰ অতন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰে। সমাজৰ পৰা দুৰ্নীতি-অনিয়মবোৰ দূৰ কৰাত ই সহায় কৰে। সংখ্যালঘুসকল অতিকৈ পিছপৰা শ্ৰেণীৰ লোক বুলি উল্লেখ কৰি তেওঁ কয়, এই জনগোষ্ঠীয় লোকৰ সমস্যা বেছি। শিক্ষাৰ অভাৱ, সহজ- সৰলতাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি কাম বিচাৰি উজনিলৈ যোৱা এই শ্ৰমজীৱী জনগোষ্ঠীৰ লোকক এচাম উগ্ৰ হিন্দুত্ববাদী নেতাই বাংলাদেশীৰ লেবেল লগাই বহু হাৰাশাস্তি কৰি আহিছে বুলি তালুকদাৰে মন্তব্য কৰে। উক্ত সভাত সংগঠনটোৰ কেন্দ্ৰীয় উপ-সভাপতি তথা অধিবক্তা মহম্মদ আলী, কেন্দ্ৰীয় সম্পাদক আবু বক্কৰ ছিদ্দিক, মুখ্য সাংগঠনিক সম্পাদক জাকিৰ হুছেইন আদিয়েও ভাষণ দিয়ে।
ইয়াৰ পূৰ্বে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ১৪টা নতুন আঞ্চলিক সমিতি ক্ৰমে জুৰীয়া, ৰূপহী, কছাৰীগাঁও, মাহেৰীপাৰ, ধিংবৰি চাপৰি, গড়াজান, ফুৰআনাটি, বৰালিমাৰী, চতিয়ন, কেন্দ্ৰগুৰি, হেৰাপতি, পশ্চিম ধিংবৰি চাপৰি, কান্দুলিমাৰী, বগুৰিগুৰি আদি আঞ্চলিক সমিতিকশপতবাক্য পাঠ কৰোৱা হয়। সভাৰ আৰম্ভণিতে সংগঠনটোৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত নজিৰ উদ্দিন আহমেদৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়। সভাৰ শেষত সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বাহাৰুল ইছলামে আনুষ্ঠানিকভাবে সংগ্ৰাম পৰিষদত যোগদান কৰে।
No comments