Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবীত জাজৰিত প্ৰতিবাদ

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২১ অক্টোবৰ ঃ বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ আগমনক কেন্দ্ৰ কৰি নগাঁও জিলাৰ জাজৰিত যোৱা ১৮ অক্টোবৰত সংঘটিত...

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২১ অক্টোবৰ ঃ বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ আগমনক কেন্দ্ৰ কৰি নগাঁও জিলাৰ জাজৰিত যোৱা ১৮ অক্টোবৰত সংঘটিত অপ্ৰীতিকৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে চি পি আই (এম-এল)য়ে। যোৱা ১৮ অক্টোবৰত জাজৰিত সংঘটিত হোৱা গুলীচালনাৰ প্ৰতিবাদত আজি জাজৰি বাছ আস্থানত দিনৰ ১১ বজাৰ পৰা ১২ বজালৈকে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা, সদৌ অসম প্ৰগতিশীল নাৰী সন্থা আৰু চি পি আই (এম-এল) দলৰ কৰ্মী আৰু সমৰ্থকসকলে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰা সত্যৰঞ্জনক গ্ৰেপ্তাৰ কৰা, সত্যৰঞ্জনক গ্ৰেপ্তাৰ কৰা হোৱা নাই কিয় সৰ্বা-হিমন্তই জবাব দিয়ক, সাম্প্ৰদায়িক বিভাজন নহয় আমাক ঐক্য লাগে, গুলীচালনাৰ ন্যায়িক তদন্ত কৰক, দোষী পুলিচ বিষয়াক বৰ্খাস্ত কৰক, গুলীচালনাৰে নহয় সত্যৰঞ্জনক গ্ৰেপ্তাৰ কৰি সমস্যাৰ সমাধান কৰক আদি শ্লে­াগান দি পৰিস্থিতি উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে গুলীবিদ্ধ লোকসকলৰ উচ্চ চিকিৎসা আৰু ক্ষতিপূৰণৰো দাবী উত্থাপন কৰে । 

উল্লেখযোগ্য যে ১৮ অক্টোবৰৰ দিনা বটদ্ৰৱা, ধিং, জাজৰি আদি অঞ্চললৈ অহা বিতৰ্কিত উগ্ৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক ৰাইজে বাধা প্ৰদান কৰিছিল। ইয়াকে কেন্দ্ৰ কৰি জাজৰিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। আনকি আৰক্ষীৰ লাঠিচালনা, ৰবৰ বুলেট নিক্ষেপ আদিত কেইবাজনো লোক আহত হৈছিল। প্ৰতিবাদস্থলীত অনুষ্ঠিত সভাত অংশ গ্ৰহণ কৰি চি পি আই ( এম-এল) দলৰ তথা গ্ৰামীণ শ্ৰমিক সন্থাৰ নেতা অৰূপ কুমাৰ মহন্তই কয় যে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ছত্ৰছায়াতে সত্যৰঞ্জনৰ দৰে লোকৰ জন্ম। তেওঁ লোকৰ কোলাত বহি সাম্প্ৰদায়িক বিভাজেনৰে নিৰ্বাচনী অংক প্ৰস্তুত কৰিছে। মহন্তই ৰাইজক ঐক্য অটুট ৰাখিবলৈ আৰু বিজেপিক পৰাস্ত কৰিবলৈ আহ্বান জনায়। প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰে আয়েফা বেগম, স্বপন হাজৰিকা, জোস্না বেগম আৰু মেহেৰুন নেছাই।


No comments