এম মহিবৰ ৰহমান, নলবাৰী, ৪ অক্টোবৰ ঃ ৰাজ্যৰ চৌদিশে ঘৃণাৰ বিষবাষ্প বিলাই ফুৰা বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক আজি পহুখেদা দিলে বাক্...
আৰক্ষীয়ে বলপূৰ্বক প্ৰতিবাদকাৰীসকলক আঁতৰাই পঠাই সত্যৰঞ্জন বৰাক গন্তব্য স্থানলৈ পঠিওৱাৰ সিদ্ধান্ত লোৱাত অধিক ক্ষুব্ধ হৈ পৰে প্ৰতিবাদকাৰীসকল। অৱশেষত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত লাঠিচালনা কৰাত ক্ষুব্ধ হৈ পৰে স্থানীয় প্ৰতিবাদকাৰীসকল। আৰক্ষীয়ে ঠেলা-হেঁচা কৰি প্ৰতিবাদকাৰীসকলক গঁতিয়াই খেদি পঠিয়াব বিচৰাত অধিক উত্তেজিত হৈ প্ৰতিবাদকাৰীসকলেও আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে। আৰু অৱশেষত আৰক্ষীয়ে শুন্যলৈ গুলীচালনা কৰি প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ চেষ্টা কৰে যদিও প্ৰতিবাদকাৰীসকল অধিক উত্তেজিত হৈ পৰে। এনেকৈয়ে ঘটনাস্থলীৰ পৰা আঁতৰি আহি দুঘণ্টা ধৰি সত্যৰঞ্জন বৰাই এক কি.মি. দূৰত অৱস্থান কৰি থাকিবলগীয়া হয়। ধমধমা, গড়ভিতৰকে ধৰি বৃহত্তৰ অঞ্চলটোত অতীজৰে পৰা শান্তি-সম্প্ৰীতি অটুট থকাৰ মাজতে আজি সত্যৰঞ্জন বৰাই কেইজনমান যুৱকক লগত লৈ অঞ্চলটোলৈ বিষবাষ্প বিয়পাবলৈ যোৱাৰ পিছতে উত্তপ্ত হৈ পৰে বিভিন্ন জনগোষ্ঠীৰে থাহ খাই থকা অঞ্চলটো।
No comments