Page Nav

HIDE

ঘোষিত বিদেশীক ৰাখিব নোৱাৰিব কাৰাগাৰত : গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

প্ৰয়োজনত ঘৰ ভাড়া কৰি ৰাখিব লাগিব বন্দীক,কাৰাগাৰৰ পৰা আঁতৰাব লাগিব ডিটেনছন কেম্প ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৯ অক্টোবৰ :  দাগী অপৰাধীৰ সৈতে কা...

প্ৰয়োজনত ঘৰ ভাড়া কৰি ৰাখিব লাগিব বন্দীক,কাৰাগাৰৰ পৰা আঁতৰাব লাগিব ডিটেনছন কেম্প

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৯ অক্টোবৰ :  দাগী অপৰাধীৰ সৈতে কাৰাবাস খাটি থকা ঘোষিত বিদেশীক লৈ বিগত সময়ত ব্যাপক চৰ্চা লাভ কৰিছিল। আনকি কাৰাগাৰৰ ভিতৰত থকা ডিটেনছন কেম্পক লৈও বহু প্ৰশ্ন উত্থাপন হৈছিল। কাৰাগাৰৰ ডিটেনছন কেম্পৰ অস্বাস্থ্যকৰ পৰিৱেশ তথা বন্দীৰ জীৱনক লৈ সৃষ্টি হোৱা ভাবুকি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছিলগৈ। এতিয়াৰে পৰা ঘোষিত বিদেশী কাৰাগাৰত ৰাখিব নোৱাৰিব। অৰ্থাৎ কাৰাগাৰৰ পৰা ডিটেনছন কেম্পসমূহ আঁতৰাব লাগিব। গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ৭ অক্টোবৰত কাৰাগাৰত বন্দী হৈ থকা ঘোষিত বিদেশী সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। ভীম সিং বনাম ভাৰত চৰকাৰৰ গোচৰৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ উদ্ধৃতি দি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অচিন্ত্য মল্ল বুজৰবৰুৱাই নিৰ্দেশনা জাৰি কৰি কয় যে কাৰাগাৰৰ বাহিৰত ডিটেনছন কেম্প স্থাপন কৰিব লাগিব।

 ন্যায়াধীশগৰাকীয়ে আৰু কয় যে যদি চৰকাৰৰ হাতত যাৱতীয় সুবিধা নাই তেন্তে ব্যক্তিগত মালিকানাধীন বিল্ডিং ভাৰাত লৈও বন্দীসকলক ৰখাৰ ব্যৱস্থা কৰিব লাগিব। কিন্তু কোনো জিলাৰ কাৰাগাৰক ডিটেনছন কেম্প হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব। উল্লেখ্য যে কাৰাগাৰৰ এই ডিটেনছন কেম্প সন্দৰ্ভত শান্তনু বৰঠাকুৰ ২য২০, অৱন্তি দত্ত ৭য২০, দীপিকা সৰকাৰ ৪য২০ নম্বৰত লেখ আবেদন দাখিল কৰিছিল। উক্ত আবেদনৰ ভিত্তিত ন্যায়াধীশ বুজৰবৰুৱাই ৰায় প্ৰদান কৰি কয় যে ঘোষিত বিদেশীসকলক তেওঁলোকৰ নিজ দেশলৈ বিতাড়ন বা প্ৰত্যৰ্পণ নকৰা পৰ্যন্ত প্ৰকৃত আৰু সুৰক্ষিত স্থানতে তেওঁলোকক ৰাখিব লাগিব। তেওঁলোকৰ চলা-ফুৰা কৰাৰ ক্ষেত্ৰত বাধা-নিষেধ আৰোপ কৰা হ’ব। 

ঘোষিত বিদেশীসকলক য’ত ৰখা হ’ব সেই স্থানৰ নাম ডিটেনছন কেম্প অথবা যি নামেই নহওক কিয় তাত বিদ্যুৎ, পানী যোগান আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লগতে সকলো ধৰণৰ মৌলিক অধিকাৰৰ সুবিধা থকাটো বাধ্যতামূলক। উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত ২০১২ চনৰ ৭ মাৰ্চত ৰাজ্য চৰকাৰসমূহৰ মুখ্য সচিবক এক নিৰ্দেশনা প্ৰদান কৰা হৈছিল যে বিদেশীৰ গোচৰত বন্দী হৈ থকাসকলক অতিশীঘ্ৰেই মুক্তি দিব লাগিব। কাৰাগাৰৰ বাহিৰত চলন-ফুৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰি সুকীয়াকৈ বন্দী কৰি ৰাখিব লাগিব। উচ্চতম ন্যায়ালয়ৰ উক্ত নিৰ্দেশনাৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে উল্লেখ কৰিছে যে ৰাজ্য চৰকাৰে পৰ্যাপ্ত পৰিমাণে ডিটেনছন কেম্প স্থাপন কৰিব পাৰে। 

কিন্তু সেই ডিটেনছন কেম্পসমূহ কাৰাগাৰৰ ভিতৰত থাকিব নোৱাৰিব। কাৰাগাৰৰ বাহিৰত সুকীয়াকৈ স্থাপন হ’ব লাগিব ডিটেনছন কেম্প। কেৱল এয়াই নহয়, আদালতে বন্দীসকলক ৰখা স্থানত সকলো ধৰণৰ মৌলিক সুবিধা উপলব্ধ আছে নে নাই সেয়া নিশ্চিত কৰাৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰক। ঘোষিত বিদেশীসকলক ৰখা স্থানত সম্পূৰ্ণ সুৰক্ষিত নিৰাপত্তা ব্যৱস্থা থাকিব লাগিব। এককথাত ক’বলৈ গ’লে কাৰাগাৰৰ ভিতৰত আন কয়দীৰ সৈতে ঘোষিত বিদেশীসকল ৰখা সন্দৰ্ভত ন্যায়াধীশ বুজৰবৰুৱাই খড়গহস্ত হৈ আদালতত স্পষ্ট ভাষাত কয় যে কাৰাগাৰসমূহ কেতিয়াও ডিটেনছন কেম্প হিচাপে ব্যৱহাৰ নহ’ব। যদি চৰকাৰৰ হাতত পৰ্যাপ্ত সুবিধা নাই তেন্তে ব্যক্তিগত গৃহ ভাৰাত লৈ বন্দীসকলক ৰখাৰ ব্যৱস্থা কৰিব লাগিব। ন্যায়াধীশগৰাকীয়ে লগতে আৰু কয় যে গোৱালপাৰা, কোকৰাঝাৰ আৰু শিলচৰ কাৰাগাৰক ডিটেনছন কেম্পলৈ পৰ্যৱসিত কৰি বিগত ১০ বছৰৰ অধিক কাল অস্থায়ী ডিটেনছন কেম্প ৰূপে ব্যৱহাৰ কৰি আহিছে। 

১০ বছৰৰ অধিক কাল অস্থায়ীভাৱে ব্যৱহাৰ কৰাটো কেতিয়াও যুক্তিসংগত হ’ব নোৱাৰে। একেদৰে যোৰহাট, ডিব্ৰুগড় আৰু তেজপুৰ কাৰাগাৰকো অস্থায়ী ডিটেনছন কেম্প ৰূপে ব্যৱহাৰ কৰাৰ প্ৰায় ৫ বছৰ হ’ল।   ৰাজ্য চৰকাৰৰ এনে অস্থায়ী ব্যৱস্থাসমূহ বছৰ বছৰ ধৰি থকাটো কেতিয়াও মানি ল’ব নোৱাৰি আৰু সেয়ে শীঘ্ৰেই ডিটেনছন কেম্পত থকাসকলৰ বাবে সুবিধাজনক ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে চৰকাৰক। সমান্তৰালভাৱে কাৰাগাৰৰ বাহিৰত ডিটেনছন কেম্প স্থাপন সন্দৰ্ভত ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই সন্দৰ্ভত ১৬ অক্টোবৰৰ ভিতৰত ‘এক্সন টেকেন ৰিপ’ৰ্ট’ আদালতত দাখিল কৰাৰ নিৰ্দেশ দিছে।