Page Nav

HIDE

গুৱাহাটীত নাগৰিক সভা ; বিটিআৰ চুক্তিৰ আধাৰত অবেড়াক ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰ

  মহানগৰ প্ৰ তিবেদক, ১৪ অক্টোবৰ ঃ বিটিআৰ চুক্তিৰ আধাৰত অবড়োক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে। বিটিআৰ চুক্তিৰ ৭.২ ধাৰাৰ অধীনত...

 

মহানগৰ প্ৰ তিবেদক, ১৪ অক্টোবৰ ঃ বিটিআৰ চুক্তিৰ আধাৰত অবড়োক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে। বিটিআৰ চুক্তিৰ ৭.২ ধাৰাৰ অধীনত বিটিএডিত দীৰ্ঘবছৰে বাস কৰি থকা অবড়ো লোকসকলক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ চেষ্টা চলোৱা হৈছে। এই ধাৰাৰ অধীনত বনভূমি আৰু জলাশয় আদিৰ পৰা স্থানীয় লোকসকলক উেচ্ছদ কৰাৰ চেষ্টা চলোৱা হৈছে। ইতিমধ্যে বনভূমি আৰু জলাশয়ৰ ওচৰে-পাঁজৰে বসবাস কৰি থকা লোকসকলক উেচ্ছদ কৰা হ’ব বুলি কোৱা হৈছে। 


ইয়াৰ ফলত নবৈব শতাংশ অবড়ো লোক উেচ্ছদ হ’ব। ভূমিৰ অধিকাৰৰ পৰা অবড়ো লোকসকল বঞ্চিত হ’ব বুলি প্ৰকাশ কৰিছে অবড়ো নেতা ব্ৰজেন মহন্তই। উল্লেখ্য যে বিটিআৰ চুক্তিক লৈ গুৱাহাটীৰ উৰ্বা বিবাহ ভৱনত এখন নাগৰিক সভা অনুষ্ঠিত হয়। এই সভাত উপস্থিত থাকে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়া, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা  হাফিজ ৰছিদ আহমেদ চৌধুৰী, অধিবক্তা শান্তনু বৰঠাকুৰ, বিশিষ্ট বুদ্ধিজীৱী হাইদৰ হুছেইন, বিশিষ্ট সমাজকৰ্মী পৰেশ মালাকাৰ, জ্যেষ্ঠ সাংবাদিক ছাহজাহান তালুকদাৰকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে। 

আজিৰ নাগৰিক সভাত বিটিএডি অঞ্চলত বসবাস কৰি থকা অজনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰ, ভাষাৰ অধিকাৰ, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক অধিকাৰ সন্দৰ্ভত বিশদভাৱে আলোচনা হয়। আনহাতে ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হোৱা লোকসকলে কেনেকৈ পুনৰায় ভূমিৰ অধিকাৰ লাভ কৰিব তাক লৈ এখন পৰামৰ্শদাতা কমিটী গঠন কৰি দিয়ে। এই পৰামৰ্শদাতা কমিটীত আছে জ্যেষ্ঠ অধিবক্তাহাফিজ ৰছিদ আহমেদ চৌধুৰী, মানস শৰণীয়া, শান্তনু বৰঠাকুৰ, সমাজকৰ্মী পৰেশ মালাকাৰ আৰু বিশিষ্ট বুদ্ধিজীৱী হাইদৰ হুছেইন। তেওঁলোকে ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হোৱা লোকসকলক ভূমিৰ অধিকাৰ দিয়াৰ বাবে আইনী প্ৰক্ৰিয়া চলাই নিব বুলি প্ৰকাশ কৰিছে অবড়ো নেতা ব্ৰজেন মহন্তই।