Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত আম আদমী পাৰ্টিৰ* প্ৰশংসনীয় পদক্ষেপ : নগৰৰ বাহাদুৰ গাওঁবুঢ়া পথৰ উন্মুক্ত পদপথত লগালে চেল্প

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ২০ অক্টোবৰ : আম আদমী পাৰ্টিৰ যোৰহাট জিলা সমিতিৰ সদস্যসকলে আজি  যোৰহাট নগৰৰ বাহাদুৰ গাঁওবুঢ়া পথৰ পদপথৰ ওপৰত থকা ভগা ...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ২০ অক্টোবৰ : আম আদমী পাৰ্টিৰ যোৰহাট জিলা সমিতিৰ সদস্যসকলে আজি  যোৰহাট নগৰৰ বাহাদুৰ গাঁওবুঢ়া পথৰ পদপথৰ ওপৰত থকা ভগা চেল্প থকা ঠাইত আৰু উন্মুক্ত পদ পথত  নিজাকৈ নিৰ্মাণ কৰা চেল্প লগায় ৰাইজৰ বাবে উপযোগী কৰি দিয়ে  । উল্লেখ্য  যে বাহাদুৰ গাওঁবুঢ়া তথা নতুন বালিবাট অঞ্চলৰ লগতে কেইবাঠাইৰ পদপথত ভগা চেল্প লাগি আছিল । এই  ভগা চেল্পৰ ওপৰেদি খোজ কাঢ়ি যোৱা  পদ পথৰ বাটৰোৱা  পৰি ইতিমধ্যে কেইবাজানো  আঘাতপ্ৰাপ্ত হৈছে । এই সমস্যাৰ বিষয়ে জানিব পাৰি আম আদমী পাৰ্টীৰ যোৰহাট বিধানসভাৰ দলীয়  দায়িত্বত থকা  ন'চৰিন ৰহমানৰ নিজা খৰছত কেইবাখনো  চেল্প নিৰ্মান কৰি আজি দলীয় সদস্যসকলৰ সৈতে লগাই দিয়ে । আম আদমীৰ এই পদক্ষেপক বাহাদুৰ গাঁওবুঢ়া অঞ্চলৰ ৰাইজে শলাগ লৈছে । উল্লেখ্য যে নগৰৰ উন্নয়নৰ দায়িত্বত থকা যোৰহাট পৌৰসভাই বিগত সময়ত এই সমূহ কাম কৰিব লাগিছিল যদিও নকৰিলে । ফলত কৰ দাতা ৰাইজে এতিয়া দুভোগ ভুগিবলগীয়া হৈছে । সেইহে যিমান খিনি সম্ভৱ হয় আমি কৰিবলৈ চেষ্টা কৰিছোঁ বুলি ন'ছৰিণ ৰহমানে সাংবাদিকৰ আগত উল্লেখ কৰিছে ।

No comments