Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দেৱাংগনা কলিতাৰ জামিনৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ আবেদন নাকচ সৰ্বোচ্চ ন্যায়ালয়ৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৮ অক্টোবৰ ঃ ‘কা’বিৰোধী আন্দোলনৰ সময়ত চলা দিল্লীৰ হিংসাত্মক ঘটনাৰ জড়িত থকাৰ কোনো উপযুক্ত প্ৰমাণ নথকাকৈয়ে দিল্লী আ...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৮ অক্টোবৰ ঃ ‘কা’বিৰোধী আন্দোলনৰ সময়ত চলা দিল্লীৰ হিংসাত্মক ঘটনাৰ জড়িত থকাৰ কোনো উপযুক্ত প্ৰমাণ নথকাকৈয়ে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দেৱাংগনা কলিতাক। আদালতত আৰক্ষীয়ে প্ৰমাণ দিব নোৱাৰাত দেৱাংগনাৰ জামিন আবেদন মঞ্জুৰ কৰিছিল ন্যায়ালয়ে। আজি দেৱাংগনাৰ জামিনৰ নিৰ্দেশক প্ৰত্যাহবান জনাই সৰ্বোচ্চ আদালতৰ দ্বাৰস্থ হৈছিল দিল্লী আৰক্ষী। কিন্তু সৰ্বোচ্চ আদালতে দিল্লী আৰক্ষীৰ আবেদন নাকচ কৰে। উল্লেখ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উত্তৰ-পূব দিল্লীৰ জাফ্ৰাবাদত সংঘটিত সংঘৰ্ষৰ সময়ত জনতাক প্ৰৰোচিত কৰাৰ অভিযোগত দিল্লী আৰক্ষীেaয় গোচৰৰ ওপৰত গোচৰ জাপি দিয়া অসমৰ দেৱাংগনা কলিতাৰ বিৰুদ্ধে পুনৰ সক্ৰিয় হৈ পৰিছে দিল্লীৰ আৰক্ষী। 

শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰা দেৱাংগনাৰ জামিন নাকচ কৰাৰ বাবে দিল্লীৰ চৰকাৰে উচ্চতম ন্যায়ালয়ত কৰা এখন আবেদন আজি ন্যায়ালয়ে নাকচ কৰে। দিল্লী আৰক্ষীৰ হৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুই উচ্চতম ন্যায়ালয়ক কয় যে দেৱাংগনা কলিতা এগৰাকী প্ৰভাৱশালী ব্যক্তি, সেই বাবে তেওঁৰ জামিন নাকচ কৰিব লাগে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অেশোক ভূষণে কয় যে কোনো এজন ব্যক্তি প্ৰভাৱশালী হ’লেই তেওঁৰ জামিন নাকচ কৰাৰ কোনো যুক্তি নাই। খণ্ডপীঠৰ আন কেইগৰাকী ন্যায়াধীশ ক্ৰমে আৰ এছ ৰেড্ডী আৰু এম আৰ শ্বাহেও অতিৰিক্ত ছলিচিটৰ জেনেৰেলক এই বুলি প্ৰশ্ন কৰে যে দেৱাংগনাই তেওঁৰ বিৰুদ্ধে থকা অভিযোগৰ প্ৰমাণ কিদৰে নষ্ট কৰিব পাৰে সেয়া দিল্লীৰ আৰক্ষীয়ে স্পষ্ট কৰিব লাগে। 

উল্লেখ্য দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ এম ফিলৰ ছাত্ৰী তথা ‘পিঞ্জিৰা টোড’ নামৰ সংস্থাটোৰ সদস্যা দেৱাংগনা কলিতাই সংঘৰ্ষৰ পূৰ্বে জাফ্ৰাবাদ মেট্ৰ’ ষ্টেচনৰ সমীপত প্ৰৰোচনামূলক বক্তব্য ৰাখিছিল বুলি দিল্লী আৰক্ষীয়ে অভিযোগ কৰিছে। তেওঁৰ বিৰুদ্ধে চাৰিখন এজাহাৰ দাখিল কৰি তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছিল আৰু তিহাৰ জে’ললৈ নিক্ষেপ কৰিছিল। ‘কা’বিৰোধী আন্দোলনত দেৱাংগনাই প্ৰৰোচনামূলক মন্তব্য কৰাৰ ভিডিঅ’ ক’ত বুলি কিছুদিন পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুৰেশ কাইতে আৰক্ষীক প্ৰশ্ন কৰে।

 আৰক্ষীয়ে দেৱাংগনাই সেই সময়ত দিল্লী মেট্ৰ’ৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত আছিল আৰু কেমেৰামেনে তেওঁক ঢুকি পোৱা নাছিল বুলি আদালতক জনাইছিল। দিল্লীৰ আদালতত দেৱাংগনাৰ হৈ যুক্তি প্ৰদৰ্শন কৰা বিশিষ্ট অধিবক্তা কপিল সিবালে কৈছিল যে দেৱাংনাৰ বিৰুদ্ধে আৰক্ষীয়ে জনতাক উচটনি দিয়াৰ যি অভিযোগ আনিছে সেয়া ভিত্তিহীন। ‘কা’বিৰোধী প্ৰতিবাদকাৰীক উচটনি দিয়াৰ অভিযোগত চলিত বৰ্ষৰ মে’ মাহত দিল্লী আৰক্ষীয়ে দেৱাংগনা কলিতাৰ লগতে তেওঁৰ এগৰাকী সতীৰ্থক গ্ৰেপ্তাৰ কৰিছিল। পিছত দিল্লী উচ্চ ন্যায়ালয়ে দেৱাংগনা কলিতাৰ জামিন মঞ্জুৰ কৰে।

No comments