ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৩ অক্টোবৰ ঃ শিক্ষক পদৰ বাবে যোগ্যতা নিৰ্দ্ধাৰক ‘টেট’ অথবা ‘চি-টেট’ৰ বৈধতা বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মো...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৩ অক্টোবৰ ঃ শিক্ষক পদৰ বাবে যোগ্যতা নিৰ্দ্ধাৰক ‘টেট’ অথবা ‘চি-টেট’ৰ বৈধতা বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সুদূৰপ্ৰসাৰী সিদ্ধান্তক আদৰণি জনাইছে ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশে। ভাজপা, অসম প্ৰদেশৰ সভাপতি ৰণজিৎ কুমাৰ দাসে এই সিদ্ধান্তক আদৰণি জনাই কয় যে এয়া ঐতিহাসিক। সভাপতিগৰাকীয়ে যোৱা বছৰ জুলাই মাহত এই সম্পৰ্কত কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকক অসমৰ ম্যাদ উকলা টেট্ উত্তীৰ্ণসকলৰ সমস্যা সম্পৰ্কত সভাপতিগৰাকীৰ নেতৃত্বত বিজেপিৰ অসম প্ৰদেশে দাখিল কৰা স্মাৰক-পত্ৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা এই সদৰ্থক ব্যৱস্থাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।
আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এই বিবৃতিত সভাপতিগৰাকীয়ে এই সিদ্ধান্ত অসমৰ সমস্যা সম্পৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ স্পৰ্শকাতৰতাৰ প্ৰতিফলন হিচাপে অভিহিত কৰিছে। সভাপতিগৰাকীৰ প্ৰচাৰ সচিব প্ৰণৱ শইকীয়া স্বাক্ষৰিত একেটা বিবৃতিতে জি ই ই পৰীক্ষাৰ প্ৰশ্নকাকত মাতৃভাষাত উপলব্ধ কৰিবলৈ লোৱা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তকো তেখেতে আদৰণি জনাইছে। এইখিনিতে উল্লেখযোগ্য যে অসমৰ টেট উত্তীৰ্ণ তথা শিক্ষকসকলৰ সমস্যাসমূহৰ সমাধান বিচাৰি যোৱা বছৰ জুলাই মাহত ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ নেতৃত্বত ভাজপা, অসম প্ৰদেশৰ প্ৰতিনিধি দলে কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি স্মাৰক-পত্ৰ প্ৰদান কৰিছিল।
No comments