গণ বাৰ্তা , বাদুলিপাৰ, ৮ অক্টোবৰ : অসম চাহ জনজাতি ছাত্র সন্থা দেৰগাঁও শাখাৰ উদ্যোগত ৰঙাগড়া উপ শাখাৰ সহযোগত আজি বাদুলিপাৰৰ সমিপৱৰ্তী ৰঙাগড়া...
গণ বাৰ্তা , বাদুলিপাৰ, ৮ অক্টোবৰ : অসম চাহ জনজাতি ছাত্র সন্থা দেৰগাঁও শাখাৰ উদ্যোগত ৰঙাগড়া উপ শাখাৰ সহযোগত আজি বাদুলিপাৰৰ সমিপৱৰ্তী ৰঙাগড়া চাহ বাগিচাত চাহ শ্ৰমিক নেতা *পল্লৱ লোচন দাসৰ পুত্তলিকা দাহ* কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে যি সময়ত চাহ শ্রমিকৰ মজুৰী ৩৫১ টকালৈ বৃদ্ধি কৰা দাবীত সমগ্ৰ অসমৰ চাহ শ্রমিকে বিভিন্ন প্ৰতিবাদেৰে উত্তাল কৰি তুলিছে তেনে সময়তে বিজেপি চৰকাৰৰ সাংসদ পল্লৱ লোচন দাসে চাহ শ্রমিকসকলে কৰা দাবী ভিত্তিহীন বুলি মন্তব্য কৰাত সাংসদগৰাকীৰ পুত্তলিকা দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰে।লগতে প্ৰতিবাদকাৰী সকলে এই বুলিও মন্তব্য কৰে যে যি পল্লৱ লোচন দাসে শ্রমিকৰ মজুৰী বৃদ্ধি কৰাত বিৰোধ কৰিছে,তেওঁও আটছাৰ এজন নেতা হৈ থাকোতে এই দাবীৰে বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত কৰিছিলে।আচাৰ্যজনক কথাটো হৈছে যেতিয়াই সেই প্ৰাক্তন আটছা নেতাগৰাকীয়ে গেৰুৱা বসন পৰিধান কৰিলে তেতিয়াই তেওঁ গাদিৰ লালসাত জনগোষ্ঠীটোৰ প্ৰাপ্যৰ কথা পাহৰি পেলাই এক বিপৰীত মেৰুত অৱস্থান কৰিছে বুলিও মন্তব্য কৰে।প্ৰতিবাদকাৰী সকলে উক্ত কাৰ্য্যসূচীত পল্লৱ লোচন মূৰ্দাবাদ,বিজেপি মূৰ্দাবাদ, অসম চৰকাৰ হুচিয়াৰ,আটছা জিন্দাবাদ আদি শ্ল'গানেৰে আকাশ, বতাহ কপাই তোলে।উক্ত কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে আটছা গোলাঘাট জিলাৰ সাংগঠনিক সম্পাদক জীৱন মিৰ্ধা, দেৰগাঁও শাখাৰ সভাপতি প্ৰদিপ কুৰ্মী ভাৰপ্ৰাপ্ত সম্পাদক দয়াৰাম ৰবিদাস,উপ সভাপতি প্ৰণৱ মিৰ্ধা,প্ৰচাৰ সম্পাদক অৰুণ দুচাদ, সাংস্কৃতিক সম্পাদক চিনুদ ঘাটোৱাৰ,সদস্য চক্ৰধৰ চৰেন,দেৰগাওঁ শাখাৰ অন্তৰ্গত ৰঙাগড়া উপশাখাৰ সভাপতি পিংকু মিৰ্ধা, সহ সম্পাদক নাৰায়ণ গোৱালা ,বাদুলীপাৰ উপশাখাৰ সভাপতি সজ্ঞীৱ কুৰ্মী,সম্পাদক গংগাৰাম ৰবিদাস,লীলাকান্ত কুৰ্মী দৰীয়া উপশাখাৰ মনুজ তুৰি ,ৰঙগড়া প্ৰাথমিক গোটৰ সভাপতি ভাস্কৰ গোৱালা,সম্পাদক পিংকু তেলেঙা বৰবাম সম্পাদক প্ৰাজ্ঞল কুৰ্মী ,ৰাধাবাৰী সম্পাদক গোবিন্দ তাতী লগতে দেৰগাওঁ শাখাৰ অন্তৰ্গত বহু কেইজন ছাত্র নেতা লগতে শতাধিক চাহ শ্ৰমিক ৰাইজ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।
No comments