গণ বার্তা, লেখপানী ,১৮ অক্টোবৰ : তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত খৰাংকং গাঁৱৰ পৰা আজি দুজন শিশু নিৰুদ্দেশ হয় । উল্লেখ্য যে...
গণ বার্তা, লেখপানী ,১৮ অক্টোবৰ : তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত খৰাংকং গাঁৱৰ পৰা আজি দুজন শিশু নিৰুদ্দেশ হয় । উল্লেখ্য যে আজি দুপৰীয়া ঘৰৰ কাষতে খেলি থকা অৱস্থাত নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে । শিশু দুজন ক্ৰমে দেৱজিত শইকীয়াৰ পুত্ৰ কপিল শইকীয়া বয়স ৭ বছৰ আৰু কৃষ্ণ কান্ত সন্দিকৈৰ (বুবুল) পুত্ৰ বিতোপন সন্দিকৈ ওৰফে বিপ্লৱ বয়স ৮ বছৰ । যদি কোনোবা সদাশয় ব্যক্তিয়ে এই শিশু দুজনক প্ৰত্যক্ষ কৰে তেন্তে অতি শীঘ্ৰে স্থানীয় আৰক্ষী থানা অথবা 9101656963 নম্বৰত যোগাযোগ কৰিবলৈ জনোৱা হৈছে ।
No comments