Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আজি মহা অষ্টমীঃ বতৰৰ বিধি পথালিত সেমেকিল শাৰদীয় দুৰ্গোৎসৱ

  ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩ অক্টোবৰ : ষষ্ঠীৰ বেদীত মা দুৰ্গা অধিষ্ঠিত হোৱাৰ পিছত আজি মহাসপ্তমীত দুৰ্গাদেৱীক স্তুতি কৰে ভক্তসকলে। বিগত বৰ...

 

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩ অক্টোবৰ : ষষ্ঠীৰ বেদীত মা দুৰ্গা অধিষ্ঠিত হোৱাৰ পিছত আজি মহাসপ্তমীত দুৰ্গাদেৱীক স্তুতি কৰে ভক্তসকলে। বিগত বৰ্ষত শাৰদীয় দুৰ্গোৎসৱক লৈ যি উৎসাহ-উদ্দীপনা আছিল তাৰ বিপৰীতে আজি সপ্তমীৰ মণ্ডপত দেখা গ’ল এক নিমাওমাও পৰিৱেশ। ক’ভিড-১৯ৰ বাবে প্ৰশাসনে ধাৰ্য কৰা নীতি-নিৰ্দেশনাৰ বাবেই পূৰ্বতকৈ পূজা মণ্ডপসমূহত ভক্তৰ সমাগম কম হোৱা পৰিলক্ষিত হয়। ক’ভিড প্ৰট’কল মানি পূজা সমিতিসমূহে কোৰোনা টেষ্ট সম্পন্ন কৰি পূজা-অৰ্চনা আৰম্ভ কৰাৰ লগতে ভক্তৰ প্ৰৱেশৰ সংখ্যা নিৰ্দিষ্ট কৰাৰ পিছতে পূজা মণ্ডপসমূহত সেৰেঙা উপস্থিতি পৰিলক্ষিত হয়। 

উল্লেখ্য যে স্বাস্থ্য বিভাগ তথা প্ৰশাসনে পূজা মণ্ডপত এবাৰত ৫০জনকহে প্ৰৱেশৰ অনুমতি প্ৰদান কৰিছে। কিন্তু সুৰক্ষামূলক কাৰণত বিভিন্ন পূজা সমিতিয়ে এবাৰ ভক্তৰ প্ৰৱেশৰ সংখ্যা মাত্ৰ ৩০জনহে কৰিছে। আনহাতে আজি পুৱাৰে পৰা আৰম্ভ হোৱা নেৰানেপেৰা বৰষুণৰ বাবে পূজাৰ উল্লাস বহুখিনি লাঘৱ হোৱা পৰিলক্ষিত হয়। ৰাজ্যৰ বিভিন্ন স্থানত পুৱাৰে পৰা মুষলধাৰ বৰষুণ হোৱাৰ বাবে ঘৰতে সোমাই থাকিবলগীয়া হয় ভক্তসকল। ইতিমধ্যে বতৰ বিজ্ঞান প্ৰতিষ্ঠানে জানিবলৈ দিয়া অনুসৰি শাৰদীয় দুৰ্গোৎসৱৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি পুৱাৰে পৰা পাতলীয়া বৰষুণ হোৱাৰ বাবে ভক্তৰ সমাগম যথেষ্ট সেৰেঙা হোৱা পৰিলক্ষিত হয়। 

পূৰ্বৰ তুলনাত জাক-জমকতা অবিহনে ৰাজ্যৰ বিভিন্ন পূজা মণ্ডপত দুৰ্গা দেৱীক আৰাধনা কৰা হয়। বৈদিক নীতি-নিয়ম মানি ভক্তৰ বিশাল সমাগম অবিহনেই ঢাক, ঢোল আৰু নৈবেদ্যৰে আজি পুৰোহিতসকলে মহিষাসুৰ-বধিনীক স্তুতি কৰে। উল্লেখ্য যে বিগত বৰ্ষসমূহত দুৰ্গা পূজাক লৈ ৰাজ্যত এক প্ৰতিযোগিতা পৰিলক্ষিত হৈছিল। কিন্তু এইবেলি ক’ভিড পৰিস্থিতিক লৈ এক নিমাওমাও পৰিৱেশৰ সৃষ্টি হৈছে দুৰ্গাপূজাৰ মণ্ডপসমূহত। বিগত বৰ্ষত গীতানগৰ পূজা কমিটীৰ বাজেট আছিল ২৫ লাখ টকা। কিন্তু এইবেলি মাত্ৰ ৩ লাখ টকাতেই পূজা অনুষ্ঠিত কৰিছে গীতানগৰ পূজা কমিটীয়ে। আনহাতে প্ৰতিবছৰে ৰাজ্যত দুৰ্গাপূজাৰ মূল আকৰ্ষণ হয় লতাশিলৰ পূজা মণ্ডপ। কিন্তু এইবেলি ক’ভিড পৰিস্থিতিৰ বাবে লতাশিলত দেখা গৈছে এক বিপৰীত ছবি। প্ৰতিমা স্থাপনৰ পৰিৱৰ্তে ঘট পূজা কৰিয়েই দুৰ্গতিনাশিনীক স্তুতি কৰিছে লতাশিল পূজা কমিটীয়ে।

 ক’ভিডৰ বাবে যাতে কোনো লোক সংক্ৰমিত হ’ব নোৱাৰে তাৰ বাবে পূজা কমিটীয়ে এই উদ্যোগ গ্ৰহণ কৰিছে। আজি বৰষুণৰ বিধি-পথালি আৰু ক’ভিড পৰিস্থিতিৰ বাবে ভক্তৰ সমাগম কম হোৱা পৰিলক্ষিত হ’লেও কাইলৈ মহাঅষ্টমী। অৱশ্যে এইবেলি মহাঅষ্টমী কিছু পৃথক হ’ব। ইতিমধ্যে ৰাজ্যৰ কেইবাখনো দেৱালয়ে মহাঅষ্টমীৰ দিনা বলি নিদিয়ে বুলি ঘোষণা কৰিছে। তেনেস্থলত পূৰ্বতকৈ কিছু পৃথক হ’ব মহাঅষ্টমী। অৱশ্যে বতৰৰ বিধি-পথালি শাম কাটিলে সপ্তমীৰ তুলনাত কাইলৈ পূজা মণ্ডপসমূহত ভক্তৰ কিছু ভিৰ হোৱাটো নিশ্চিত।

No comments