ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২২ অক্টোবৰ : নামনিৰ সংখ্যালঘু অঞ্চলত বিজেপিৰ শক্তি তৰান্বিত কৰাৰ বাবে ব্যাপক পৰিকল্পনা গ্ৰহণ কৰিছে শাসনাধিষ্ঠিত ...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২২ অক্টোবৰ : নামনিৰ সংখ্যালঘু অঞ্চলত বিজেপিৰ শক্তি তৰান্বিত কৰাৰ বাবে ব্যাপক পৰিকল্পনা গ্ৰহণ কৰিছে শাসনাধিষ্ঠিত দলটোৱে। আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নামনি সংখ্যালঘু অঞ্চলৰ ভোটাৰক আকৰ্ষিত কৰাৰ বাবে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ওপৰত বিশেষ দায়িত্ব অৰ্পণ কৰিছে। উল্লেখ্য যে হিন্দু অধ্যুষিত অঞ্চলসমূহত বিজেপিৰ ভেটি পূৰ্বৰে পৰাই শক্তিশালী হৈ আছিল যদিও কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাৰ পিছত নামনিৰ কে’বাটাও সমষ্টিৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত বিজেপিৰ প্ৰভাৱ কিছু ম্লান পৰিব বুলি সন্দেহ কৰা হৈছে। বিজেপিৰ একাংশ নেতৃত্বই হিন্দুত্ববাদী শ্ল’গান দিয়াৰ বাবে তথা কংগ্ৰেছ আৰু এআইইউডিএফ একগোট হোৱাত কিছু জটিলতাৰ সৃষ্টি হোৱাৰ আশংকা ব্যক্ত কৰা হৈছিল। কিন্তু সংখ্যালঘু অঞ্চলত বিজেপিৰ ভেটি পূৰ্বতকৈ অধিক শক্তিশালী কৰাৰ বাবে অগ্ৰসৰ হৈছে বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চা। নামনিৰ ছয়খন জিলাত অহা এসপ্তাহৰ ভিতৰত দহখনতকৈ অধিক সভা অনুষ্ঠিত কৰিব সংখ্যালঘু মৰ্চাই।
আজি ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি তথা চেঙা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক মোক্তাৰ হুছেইন খানে ‘গণ অধিকাৰ’ক জানিবলৈ দিয়া অনুসৰি, আগন্তুক এসপ্তাহত জিলা কাৰ্যকৰী সমিতিসমূহৰ বৈঠক অনুষ্ঠিত কৰা হ’ব। এই বৈঠকসমূহত সংখ্যালঘু মৰ্চাৰ সভাপতি মোক্তাৰ হুছেইন খান উপস্থিত থাকি ধৰ্মীয় সংখ্যালঘু অঞ্চলসমূহত বিজেপিৰ শক্তি টনকিয়াল কৰাৰ বাবে বিভিন্ন কাৰ্যপদ্ধতি গ্ৰহণ কৰিব। অহা ২৭ অক্টোবৰত বঙাইগাঁও জিলাত উপস্থিত হ’ব সংখ্যালঘু মৰ্চাৰ সভাপতি মোক্তাৰ হুছেইন খান।
উক্ত দিনা পুৱা ১১ বজাত বঙাইগাঁও সংখ্যালঘু মৰ্চাৰ জিলা কাৰ্যকৰী সমিতিৰ বৈঠক অনুষ্ঠিত কৰাৰ পিছত বিয়লি ২ বজাত গোৱালপাৰাত সংখ্যালঘু মৰ্চাৰ সভাত অংশগ্ৰহণ কৰিব মোক্তাৰ হুছেইন খানে। ২৮ অক্টোবৰত ধুবুৰীত পুৱা ১১ বজাত জিলা সংখ্যালঘু মৰ্চাৰ বৈঠকত অংশ লোৱাৰ পিছত বিয়লিৰ ভাগত পূব ধুবুৰী জিলাত সভা অনুষ্ঠিত কৰিব মোক্তাৰ হুছেইন খানে। ২৯ অক্টোবৰত ফকিৰগঞ্জত দক্ষিণ শালমাৰা জিলা সংখ্যালঘু মৰ্চাৰ বৈঠকত অংশ ল’ব ৰাজ্যিক সভাপতিগৰাকীয়ে। উক্ত দিনাই সৰভোগৰ জামাদাৰবড়ীত যোগদান কাৰ্যসূচীত অংশ ল’ব বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতিগৰাকীয়ে।
No comments