ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট , ১ অক্টোবৰ : যোৰহাটৰ নীলিমা হেলথ কেয়াৰস্থিত চেৰাজেম আজি ত্ৰয়োদশ বৰ্ষত ভৰি দিয়ে । সেই উপলক্ষে আজি যোৰহাটৰ চেৰাজ...
ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট , ১ অক্টোবৰ : যোৰহাটৰ নীলিমা হেলথ কেয়াৰস্থিত চেৰাজেম আজি ত্ৰয়োদশ বৰ্ষত ভৰি দিয়ে । সেই উপলক্ষে আজি যোৰহাটৰ চেৰাজেম চেণ্টাৰত প্ৰতিষ্ঠা দিৱসটি পালন কৰা হয় । কভিড নীতি নিৰ্দেশনা অনুসৰি আৰু সমাজিক দূৰত্ব পালন কৰি চেণ্টাৰতে চেৰাজেমৰ পৰিচালন সঞ্চালক অভয় কুমাৰ সিঙে এটি কেক কাটি অনুস্থূপিয়াকৈ প্ৰতিষ্ঠা দিৱসটি পালন কৰে । চেৰাজেমৰ সঞ্চালক সুশান্ত বৰুৱাই পৰিচালনা কৰা চেৰাজেমৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানটোত চেৰাজেমৰ কৰ্মকৰ্তসকলৰ লগতে প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰে । উল্লেখ্য যে যোৰহাটস্থিত এই চেৰাজেমত বিনামূলীয়াকৈ থেৰাপি লৈ বহু ৰোগীয়া লোক ইতিমধ্যে ৰোগ মুক্ত হোৱাৰ লগতে নিজৰ স্বাস্থ্যৰ প্ৰতিও সজাগ হৈছে বুলি বহু লোকে উল্লেখ কৰিছে ।
No comments