Page Nav

HIDE

নতুন শিŽক্ষানীতিৰ বিৰুদ্ধে কটনত বিশ্ববিদ্যালয় কৰ্মচাৰী মহাসংঘৰ প্ৰতিবাদ

গুৱাহাটী ঃ আজি অখিল ভাৰতীয় বিশ্ববিদ্যালয় কৰ্মচাৰী মহাসংঘৰ আহ্বান মৰ্মে কটন বিশ্ববিদ্যালয় কৰ্মচাৰী সন্থাই বিশ্ববিদ্যালয়খনত প্ৰতিবাদ দিৱস পালন...

গুৱাহাটী ঃ আজি অখিল ভাৰতীয় বিশ্ববিদ্যালয় কৰ্মচাৰী মহাসংঘৰ আহ্বান মৰ্মে কটন বিশ্ববিদ্যালয় কৰ্মচাৰী সন্থাই বিশ্ববিদ্যালয়খনত প্ৰতিবাদ দিৱস পালন কৰে। শিক্ষা তথা আন বিষয় সামৰি কৰ্মচাৰী সন্থাই চৰকাৰৰ ওচৰত বহুকেইটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে আৰু অনতিপলমে এই দাবীসমূহ চৰকাৰক সমাধানৰ বাবে আহ্বান জনায়। আজি অখিল ভাৰতীয় বিশ্ববিদ্যালয় কৰ্মচাৰী মহাসংঘৰ আহবান মৰ্মে কটন বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অনাশিক্ষণ কৰ্মচাৰীৰ বাবে সমহাৰৰ দৰমহাৰ বাবে আয়োগ গঠন কৰা, পুৰণি পেঞ্চনৰ ব্যৱস্থা কৰা, সময় নিৰ্ধাৰিত পদোন্নতিৰ ব্যৱস্থা কৰা আৰু পৰ্যাপ্ত নিযুক্তিৰ ব্যৱস্থা কৰা, ইতিমধ্যে নিযুক্তি দিয়া ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা, ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ ৰূপায়ণ বন্ধ কৰা, নীতি নিৰ্ধাৰণ সমিতিত কৰ্মচাৰীৰ প্ৰতিনিধিত্ব নিশ্চিত কৰা, ২০১৪ চনৰ আগৰ শ্ৰম আইন পুনৰ বলৱৎ কৰা, গ্ৰাম্য আৰু চহৰ অঞ্চলত নিয়োগ সৃষ্টি কৰা, ক’ভিড-১৯ৰ ক্ষতিগ্ৰস্তক সাহায্য প্ৰদান কৰা, কৃষক লোন মাফ কৰা আৰু দুগুণ আয় নিশ্চিত কৰাৰ দাবী উত্থাপন কৰে। আজি প্ৰায় ২ ঘণ্টা জুৰি  সামাজিক দূৰত্ব বৰ্তাই ৰাখি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কটন বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী সন্থাই।