গণ বাৰ্তা, চাবুৱা, ২১ অক্টোবৰঃ ২০১৯ বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা চাবুৱাৰ অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প...
গণ বাৰ্তা, চাবুৱা, ২১ অক্টোবৰঃ ২০১৯ বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা চাবুৱাৰ অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ ৬৮ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটাৰ প্ৰমাণ পত্ৰসমূহ অলপতে বিদ্যালয়সমূহক বিতৰণ কৰে বিদ্যালয়ৰ অধ্যক্ষ নিপেন চন্দ্ৰ গোহাঁয়ে। ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয়াৰ নিৰ্দেশ মৰ্মে উক্ত বঁটা প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰমান পত্ৰসমূহ আনুষ্ঠানিকভাৱে অসম বিদ্যাপীঠৰ অধ্যক্ষৰ কাৰ্যালয়ত প্ৰদান কৰা বুলি বিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়ে জনাইছে। উল্লেখ্য যে ক'ভিড-১৯ ৰ হেতু এই বঁটাৰ লগতে প্ৰমাণ পত্ৰ প্ৰদানত পলম হৈছিল।
No comments