Page Nav

HIDE

কৰ্কট ৰোগ নিৰাময়ৰ পথ প্ৰশস্ত কৰি ৰসায়নৰ নোবেল বঁটা বুটলিলে দুই মহিলা বিজ্ঞানীয়ে

ষ্টকহ’ম, ৭ অক্টোবৰ ঃ কৰ্কটৰ দৰে জটিল ৰোগ নিৰাময়ৰ পথ প্ৰশস্ত কৰি  ২০২০ চনৰ ৰসায়ন-বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিবলৈ সক্ষম হ’ল দুই মহিলা বিজ্ঞানী।...

ষ্টকহ’ম, ৭ অক্টোবৰ ঃ কৰ্কটৰ দৰে জটিল ৰোগ নিৰাময়ৰ পথ প্ৰশস্ত কৰি  ২০২০ চনৰ ৰসায়ন-বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিবলৈ সক্ষম হ’ল দুই মহিলা বিজ্ঞানী। জিন সম্পৰ্কীয় গৱেষণাক নতুন মাত্ৰা প্ৰদান কৰা আমেৰিকাৰ বিজ্ঞানী জেনিফাৰ এ ডৌডোনা আৰু ফ্ৰান্সৰ বিজ্ঞানী ইমানুৱেল ছাৰপেণ্টিয়াৰক ৰসায়ন-বিজ্ঞানৰ ন’বেল বঁটাৰ বাবে বাছনি কৰাৰ কথা আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰে দ্য ৰয়েল ছুইডিছ ছ’চাইটীৰে সচিব গোৰান হানছনে। দুই মহিলা বিজ্ঞানীয়ে কিদৰে জিনৰ সম্পাদনা কৰি তাৰ চৰিত্ৰৰ পৰিৱৰ্তন ঘটাব পাৰি সেই বিষয়ত যুটীয়াভাৱে গৱেষণা কৰিছিল। দুই মহিলা বিজ্ঞানীয়ে জিনৰ পৰিৱৰ্তন ঘটাব পৰা CRISPR নামৰ এক বিশেষ পদ্ধতি আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে।

 সেই পদ্ধতিৰে কৰ্কটকে ধৰি আন ৰোগৰ ক্ষেত্ৰতো ফলপ্ৰসূ চিকিৎসা কৰিব পৰা যাব। কেৱল সেয়াই নহয়, এই পদ্ধতিৰে নানান ক্ৰ’নিক ৰোগৰ লগতে উদ্ভিদৰ ৰোগ নিৰ্মূলৰ ক্ষেত্ৰতো সাফল্য লাভ কৰিব পৰা যাব। এনে অমূল্য আৱিষ্কাৰৰ বাবেই দুই মহিলা বিজ্ঞানীক এইবাৰৰ ৰসায়নৰ ন’বেল বঁটাৰে সন্মানিত কৰা হৈছে। উল্লেখ্য যে ১৯৬৮ চনত ফ্ৰান্সত বিজ্ঞানী ইমানুৱেল ছাৰপেণ্টিয়াৰৰ জন্ম। ১৯৯৫ চনত ফ্ৰান্সৰ ইন্সটিটিউট পেষ্টিউৰৰ পৰা পিএইচ ডিগ্ৰী লাভ কৰে। তেওঁ সম্প্ৰতি জাৰ্মানীৰ বাৰ্লিনৰ মে’ প্লাংক বিশ্ববিদ্যালয়ৰ পেথ’জেন বিভাগৰ সঞ্চালিকা। আনহাতে আন এগৰাকী বিজ্ঞানী জেনিফাৰ এ ডৌডোনাৰ জন্ম আমেৰিকাৰ ৱাশ্বিংটনত। ১৯৮৯ চনত হাবাৰ্ট মেডিকেল ¦³¨লৰ পৰা পিএইচ ডিগ্ৰী লাভ কৰে জেনিফাৰে। তেওঁ বৰ্তমান কেলিফ’ৰ্নিয়া বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কৰ্মৰত হৈ আছে।