মনৰ পৰা ফাৰহাদ আহমেদ লস্কৰ, নাজিৰা, ১৪ অক্টোবৰ ঃ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহত দিনে-নিশাই সন্দেহজনক লোকৰ চ...
মনৰ পৰা ফাৰহাদ আহমেদ লস্কৰ, নাজিৰা, ১৪ অক্টোবৰ ঃ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহত দিনে-নিশাই সন্দেহজনক লোকৰ চাল-চলন বৃদ্ধি পাব ধৰিছে । সুদূৰ ম্যানমাৰৰ পৰা পলাই আহি ৩ আলফা (স্বাঃ) সদস্যই চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ নগা চকীত আত্মসমৰ্পণ কৰা কাৰ্য হাস্যকৰ হৈ পৰিছে । নাগালেণ্ডৰ মন জিলাৰ নগা আৰক্ষীৰ হাতত আত্মসমৰ্পণ কৰা ৩ আলফা (স্বাঃ) সদস্য ক্ৰমে লাচিত অসম; চৰাইদেউ, ৰুচেমা অসম; তিনিচুকীয়া আৰু কুনাল অসম; গোৱালপাৰা বুলি জানিব পৰা গৈছে । সম্প্ৰতি নগা আৰক্ষীয়ে আজি চৰাইদেউ জিলা আৰক্ষীৰ হাতত ৩ আলফা (স্বাঃ)ৰ সদস্যক চমজাই দিয়াৰ পাছতে চৰাইদেউ জিলা আৰক্ষী অধীক্ষকে সংবাদমেল যোগে এই কথা সদৰী কৰে। লগতে যুৱক ৩জনৰ পৰা আৰু অধিক তথ্য লাভৰ বাবে চৰাইদেউ জিলা আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে যদিও তেওঁলোকৰ পৰা আৰক্ষীয়ে কোনো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হোৱা নাই। ঠিক তাৰে ভিতৰত চৰাইদেউ জিলাৰ লাচিত অসম ২০১৮ চনত সংযুক্ত মুক্তি বাহিনী অসম, চমুকৈ আলফা (স্বাঃ)ত যোগদান কৰিবলৈ যোৱা বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে।
No comments