Page Nav

HIDE

অৰুণাচল প্ৰদেশৰ হেটলঙত উগ্ৰপন্থীৰ ভয়ঙ্কৰ এম্বুছ ৷ এজন সেনা জোৱান নিহত, আন এজন আহত

গণ বাৰ্তা লেখাপানী, ৫ অক্টোবৰঃ  অৰুণাচল প্ৰদেশৰ চাংলা জিলাৰ হেটলঙত দেওবাৰে ভাৰতীয় সেনাৰ বিৰুদ্ধে সংঘটিত হয় এক ভয়ংকৰ এম্বুচ ৷ সেনা বাহিনীৰ এখ...




গণ বাৰ্তা লেখাপানী, ৫ অক্টোবৰঃ  অৰুণাচল প্ৰদেশৰ চাংলা জিলাৰ হেটলঙত দেওবাৰে ভাৰতীয় সেনাৰ বিৰুদ্ধে সংঘটিত হয় এক ভয়ংকৰ এম্বুচ ৷ সেনা বাহিনীৰ এখন পানী ট্ৰেংকাৰৰ ওপৰত কৰা এই এম্বুছত ১৯ নং আছম ৰাইফলৰ এজন সেনা জোৱান নিহত হোৱাৰ লগতে আন এজন সেনা জোৱান গুৰুত্বৰ ভাৱে আহত হয় বুলি এক নিৰ্ভৰযোগ্য সূত্ৰে জানিব পৰা গৈছে । সূত্ৰটোৰ মতে পূৰ্বৰে পৰা উগ্ৰপন্থীৰ এটা বৃহৎ দলে অৰুণাচলৰ হেটলং নামে ঠাইত ভাৰতীয় সেনাৰ বিৰুদ্ধে খাপ লয় আছিল ৷ যথা সময়ত উক্ত পথৰে ভাৰতীয় সেনাৰ এখন পানীৰ টেঙ্কাৰ আৰু জোৱান কঢ়িয়াই অনা এখন গধুৰ বাহন প্ৰতক্ষ্য কৰি উগ্ৰপন্থীৰ দলটোৱে প্ৰথমে বোমা বিষ্ফোৰণ ঘটায় আৰু শেষত সেনা বাহিনীৰ গাড়ীলৈ লক্ষ্য কৰি উপৰ্যুপৰি গুলী বৰ্ষণ কৰে ৷ সূত্ৰটোৱে আৰু জনাই যে উগ্ৰপন্থীৰ দলটোৱে পূৰ্বৰে পৰা পথৰ দাঁতিত পুটি ৰখা ৪টা শক্তিশালী আই ডি বিস্ফোৰণ কৰাৰ লগে লগে  সেনাৰ দলটোৰ ওপৰত ধাৰাষাৰ গুলী বৰ্ষণ কৰা লগতে আৰ পি জিও বিস্ফোৰণ ঘটায়। এই এম্বুচত অসম ৰাইফলছৰ সেনা বিৰেন্দৰ সিং নিহত হোৱাৰ লগতে নৰেন্দ্ৰ দেৱ ভট্ৰ নামৰ আন এজন জোৱান গুৰুত্বৰভাৱে আহত হয় । আঘাতপ্ৰাপ্ত জোৱানজনক ইতিমধ্যেই সেনাৰ বিশেষ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । সূত্ৰটোৱে আৰু উল্লেখ কৰিছে যে, উগ্ৰপন্থীৰ দলটোত প্ৰায় ২০জন সদস্য আছিল আৰু দলটোত আলফা স্বাধীন আৰু এন এচ চি এন (কে)ৰ সদস্য আছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷ ঘটনাৰ পিছ মূহূৰ্তৰ পৰাই সেনাই অঞ্চলটোত উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে । বিশেষকৈ সেনাৰ বিৰুদ্ধে উগ্ৰপন্থীৰ এম্বুচৰ এনে ঘটনাই অঞ্চলটোৰ লগতে সমগ্ৰ ৰাজ্যখনটে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ( লেখাপানীৰ পৰা শৰৎ গগৈ )