Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত জেপি নাড্ডাৰ প্ৰতিকৃতি দাহ : আছুৰ

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ২১ অক্টোবৰ  :    জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন , ২০১৯ চমুকৈ 'কা' শীঘ্ৰেই কাৰ্যকৰী হ'ব বুলি বিজেপিৰ ৰা...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ২১ অক্টোবৰ  :    জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন , ২০১৯ চমুকৈ 'কা' শীঘ্ৰেই কাৰ্যকৰী হ'ব বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই দিয়া উচটনিমূলক মন্তব্য প্ৰদানৰ প্ৰতিবাদত আজি যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত যোৰহাট আঞ্চলিক ছাত্ৰ  সন্থাই সভাপতি গৰাকীৰ প্ৰতিকৃতি দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰে । অৰ্ধশতাধিক ছাত্ৰকৰ্মী উপস্থিত থকা প্ৰতিবাদী কাৰ্যসূচীটোত ' জেপি নাড্ডা হায় হায় ' , ' বিজেপি হায় হায় ' , ' কা আমি নামানো ', ' সৰ্বানন্দ সোণোৱাল মূর্দাবাদ '  , ' আমাৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ কাঢ়ি নিব বিচৰা কাৰ্য সহ্য কৰা নহ'ব ' ,  ' অসম কেৱল অসমীয়াৰ , আৰএছএছৰ নহয় ' , ' হয় কা বাতিল কৰক , নহয় আমাক গ্ৰেপ্তাৰ কৰক ' ইত্যাদি শ্ল'গানেৰে প্ৰতিবাদস্থলীৰ আকাশ-বতাহ কঁপাই তোলে । প্ৰতিবাদস্থলীত উপস্থিত থাকি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক বিজয় শংকৰ বৰদলৈয়ে কয় , মানৱতা , মানৱ সভ্যতাৰ জটিল সন্ধিক্ষণত দেশৰ নাগৰিকৰ প্ৰতি , শ্ৰমিক সকলৰ প্ৰতি , কৃষক সকলৰ প্ৰতি যিসময়ত চৰকাৰখন দায়বদ্ধ হ'ব লাগিছিল , সেইসময়ত দেশৰ লোকৰ প্ৰতি দায়বদ্ধ নহৈ বিদেশীৰ প্ৰতিহে তেওঁলোকে অগাধ প্ৰীতি প্ৰদৰ্শন কৰিছে ।  ইয়াৰোপৰি যিসময়ত ছাত্ৰ সন্থাকে ধৰি অন্য জাতীয় সংগঠনে 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে তেওঁলোকে কয় যে , উচ্চতম ন্যায়ালয়ৰ বিচাৰধীন বিষয়ৰ ওপৰত প্ৰতিবাদ হ'ব নালাগে । তেনেস্থলত আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰিছোঁ যদি উচ্চতম ন্যায়ালয়ৰ বিচাৰধীন বিষয়ৰ ওপৰত প্ৰতিবাদ হ'ব নালাগে তেন্তে উচ্চতম ন্যায়ালয়ৰ বিচাৰধীন বিষয়ৰ ওপৰত নিজকে নিজেই সংবিধান প্ৰদত্ত পদৰ মুৰব্বী বুলি ভাবি মন্তব্যও কৰিব নালাগে । জেপি নাড্ডা বিজেপিৰ হে সভাপতি ,ভাৰতৰ সংবিধানে মৰ্যদা প্ৰদান কৰা কোনো পদবীৰ অভিভাৱক তেওঁ নহয় । গতিকে আজি আমি প্ৰতিবাদ সাব্যস্ত কৰি ক'ব বিচাৰিছোঁ , এটা কথা স্পষ্ট এই চৰকাৰখনে অসমৰ ভাষা , অসমৰ সভ্যতা-সংস্কৃতি , অসমৰ থলুৱা লোকৰ অস্তিত্বৰ লগতে অসমীয়া মানুহৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ কাঢ়ি নিব বিচাৰিছে , যিটো আমি কেতিয়াও হ'বলৈ নিদিওঁ । বাতৰিকাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুনমণি ভূঞা আৰু সাধাৰণ সম্পাদক পাৰ্থ প্ৰতিম বৰাই কয় , আমি এটা যুঁজাৰু আৰু সংগ্ৰামী জাতি আৰু আমাৰ এটা ৰক্তিম ইতিহাস আছে । শৰীৰত অন্তিম বিন্দু তেজ থকালৈকে প্ৰতিজন অসমীয়াই  এই জাতিধ্বংসী আইনখনৰ বিৰোধিতা কৰি যাব আৰু সমাগত নিৰ্বাচনত বিজেপিক পুলিয়ে-পোখাই উৎখাত কৰি ইয়াৰ প্ৰত্যুত্তৰ জনাব । এইয়া বিদেশী আৰু স্বদেশীৰ মাজৰ যুঁজ , যিসময়ত স্বদেশীসকল আজি কৰ্মসংস্থাপনহীনতাত ভুগিছে সেইসময়ত তেওঁলোকে বিদেশীক আনি ইয়াত সংস্থাপিত কৰিব বিচাৰিছে । ইয়াতকৈ দুৰ্ভাগ্যজনক কথা এখন চৰকাৰৰ আৰু একো হ'ব নোৱাৰে । যদি বিজেপিৰ প্ৰকৃতাৰ্থত সৎ সাহস আছে তেন্তে অসমত থকা লাখ-লাখ বিদেশীক প্ৰথমে বহিস্কাৰ কৰি সততা প্ৰদৰ্শন কৰক । প্ৰতিবাদী কার্যসূচীটোত যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য চন্দন বৰা , কাকজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সংকল্প গগৈ , পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰক্তিম ৰঞ্জন বৰা উপস্থিত থাকে ।

No comments