Page Nav

HIDE

হাইস্কুলত যোগ্য বিবেচিত হোৱা প্ৰবীণ-ৰত্ন ডিগ্ৰীধাৰীয়ে আবেদন কৰিব নোৱাৰে উচ্চ প্ৰাথমিক বিদ্যালয়ত

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ অক্টোবৰ ঃ প্ৰবীণ অথবা ৰত্ন ডিগ্ৰীধাৰীসকলে হাই¦³¨লসমূহত শিক্ষকৰ পদৰ বাবে আবেদন কৰিব পাৰে। কিন্তু সমপৰ্যায়ৰ এই ডি...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ অক্টোবৰ ঃ প্ৰবীণ অথবা ৰত্ন ডিগ্ৰীধাৰীসকলে হাই¦³¨লসমূহত শিক্ষকৰ পদৰ বাবে আবেদন কৰিব পাৰে। কিন্তু সমপৰ্যায়ৰ এই ডিগ্ৰীধাৰীসকলক উচ্চ প্ৰাথমিক বিদ্যালয়ত আবেদন কৰাৰ পৰা আঁতৰত ৰখা হৈছে। হাই¦³¨লসমূহত শিক্ষকতা কৰাৰ যোগ্যতা অৰ্জন কৰা প্ৰবীণ আৰু ৰত্ন ডিগ্ৰীধাৰীসকলক প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা হিন্দী শিক্ষক পদৰ ক্ষেত্ৰত আবেদন কৰিবলৈ সুবিধা নিদিয়াৰ বিষয়টোক লৈ এতিয়া সৰৱ হৈ পৰিছে একাংশ প্ৰাৰ্থী। ৰাজ্য চৰকাৰৰ এনেধৰণৰ কাণ্ডজ্ঞানহীনতাৰ বিৰুদ্ধে আজি দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত সদৌ অসম প্ৰবীণ, ৰত্ন তথা বিএড, ডি এল এড অৰ্হতাসম্পন্ন উচ্চ প্ৰাথমিক টেট উত্তীৰ্ণ প্ৰাৰ্থী ৰছিদুল হক আৰু তৰালী কলিতাই কয় যে চলিত বৰ্ৰ্ষৰ ১১ ছেপ্টেম্বৰত উচ্চ প্ৰাথমিক বিদ্যালয়ত হিন্দী শিক্ষকৰ ১১০২টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ হৈছিল। উক্ত বিজ্ঞাপনত আবেদনৰ অন্তিম তাৰিখ আছিল ২৬ ছেপ্টেম্বৰ। 

বিজ্ঞাপনত এইবুলি উল্লেখ কৰা হৈছিল— হিন্দী শিক্ষকৰ পদৰ আবেদনকাৰীয়ে স্নাতক পৰ্যায়ত হিন্দী এটা মূল বিষয় নাইবা ঐচ্ছিক বিষয় থকাটো বাধ্যতামূলক। কিন্তু ভাৰত চৰকাৰৰ দ্বাৰা স্নাতক সমকক্ষ মান্যপ্ৰাপ্ত প্ৰবীণ আৰু ৰত্ন ডিগ্ৰীধাৰীসকলক আবেদনৰ সুযোগ দিয়া নাই। সমপৰ্যায়ৰ মান্যতা দিয়া ডিগ্ৰী হোৱাৰ পিছতো উচ্চ প্ৰাথমিক বিদ্যালয়ৰ হিন্দী শিক্ষকৰ পদৰ আবেদনৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে প্ৰবীণ আৰু ৰত্ন ডিগ্ৰীধাৰীসকল। বিজ্ঞাপন সংশোধনৰ বাবে শিক্ষামন্ত্ৰীৰ সৈতেও যোগাযোগ কৰিছিল যদিও কোনো ধৰণৰ সুফল নাপালে। প্ৰাৰ্থীসকলে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে প্ৰবীণ আৰু ৰত্ন ডিগ্ৰীধাৰীসকলে হাই¦³¨লৰ হিন্দী শিক্ষকৰ পদৰ বাবে আবেদন কৰিব পাৰে, কিন্তু ৰহস্যজনকভাৱে উচ্চ প্ৰাথমিক বিদ্যালয়ৰ হিন্দী শিক্ষকৰ পদত আবেদনৰ অনুমতি নিদিয়া বিষয়টোক লৈ সৰৱ হৈ পৰে। চৰকাৰে যি ধৰণৰ নীতি গ্ৰহণ কৰিছে তাৰ বাবে হিন্দী শিক্ষকৰ পদসমূহ পূৰণ নহ’ব বুলি উল্লেখ কৰি প্ৰাৰ্থীসকলে কয় যে যিহেতু অসমত মহাবিদ্যালয়সমূহত হিন্দী বিষয়টো মূল বিষয় হিচাপে লোৱা শিক্ষাৰ্থীৰ সংখ্যা নগণ্য, তেনেক্ষেত্ৰত ইমান শিক্ষকৰ পদ পূৰণ হোৱাটো অসম্ভৱ। সেয়ে প্ৰবীণ আৰু ৰত্ন ডিগ্ৰীধাৰীসকলকো পূৰ্বৰ বিজ্ঞাপনটো সংশোধন কৰি আবেদনৰ অনুমতি প্ৰদানৰ আহবান জনায়। তেওঁলোকে আৰু কয় যে অসমত যিহেতু হিন্দী ৰাজ্যভাষা নহয়, যাৰ ফলত অধিকসংখ্যক শিক্ষাৰ্থীয়ে স্নাতক পৰ্যায়ত হিন্দী বিষয়টো অধ্যয়ন নকৰে।

 যাৰ ফলত ২০১২, ২০১৭ আৰু ২০১৮ চনত উচ্চ প্ৰাথমিক বিদ্যালয়ৰ হিন্দী শিক্ষকৰ বিজ্ঞাপন দিয়াৰ পিছতো আজি পৰ্যন্ত হিন্দী শিক্ষক পদবোৰ সম্পূৰ্ণ কৰিব পৰা নাই। ইপিনে ২০১৮ চনৰ বিজ্ঞাপন অনুসৰি প্ৰবীণ ডিগ্ৰীধাৰী তৰালী কলিতাই ২০২০ চনত চক্ৰপাণি এম ভি ¦³¨লত হিন্দী শিক্ষকৰ পদত নিযুক্তি লাভ কৰিছিল। কিন্তু প্ৰবীণ ডিগ্ৰীধাৰী হোৱাৰ পিছতো স্নাতকত মূল বিষয় হিন্দী নথকাৰ বাবেই যোগদান কৰিবলৈ দিয়া নাই। মিজোৰামত প্ৰবীণ আৰু ৰত্ন ডিগ্ৰীধাৰীসকলক উচ্চ প্ৰাথমিক বিদ্যালয়ত হিন্দী শিক্ষকৰ পদত আবেদনৰ অনুমতি প্ৰদান কৰিছে, কিন্তু অসমত এয়া কাৰ্যকৰী নকৰাত ক্ষোভ প্ৰকাশ কৰে প্ৰাৰ্থীসকলে।