Page Nav

HIDE

নলবাৰীত মানৱতাৰ উৎকৃষ্ট নিদৰ্শন : হিন্দু সম্প্ৰদায়ৰ বৃদ্ধাৰ মুখাগ্নি কৰে সাংবাদিক মজিবুৰে

এম মহিবৰ ৰহমান, নলবাৰী, ১১ অক্টোবৰ ঃ হিন্দু- মুছলমানৰ মাজত ভেদাভেদৰ বীজ ৰোপণ কৰি এচামে সমাজখন ভাগ ভাগ কৰি ৰাজনৈতিক মুনাফা লোৱাৰ চেষ্টা চলাই ...

এম মহিবৰ ৰহমান, নলবাৰী, ১১ অক্টোবৰ ঃ হিন্দু- মুছলমানৰ মাজত ভেদাভেদৰ বীজ ৰোপণ কৰি এচামে সমাজখন ভাগ ভাগ কৰি ৰাজনৈতিক মুনাফা লোৱাৰ চেষ্টা চলাই থকাৰ সময়তে নলবাৰীৰ এগৰাকী সাংবাদিকে দেখুৱাইছে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন। হিন্দু সম্প্ৰদায়ৰ এগৰাকী অসহায় বৃদ্ধাৰ মৃত্যুৰ পিছত ৰাজহুৱা শ্মশানত মুছলমান সম্প্ৰদায়ৰ মজিবুৰ ৰহমানে বৈদিক প্ৰথাৰে মুখাগ্নি কৰি সম্প্ৰীতিৰ চানেকি দাঙি ধৰি প্ৰশংসিত হৈছে। নিজৰ বুলিবলৈ সকলো থাকিও আশ্ৰয়হীন হৈ পৰা বঙাইগাঁৱৰ এগৰাকী বৃদ্ধাই অৱশেষত আজি মৃত্যুৰ ওচৰত হাৰ মানিলে । বঙাইগাঁৱৰ বইটামাৰী অঞ্চলৰ কমলেশ্বৰ ৰাজবংশী আৰু তিলোত্তমা ৰায়ৰ দুই কন্যাৰে এখন সুখৰ সংসাৰ আছিল। স্বামীৰ মৃত্যুৰ পিছত বিবাহিত দুই কন্যাই বৃদ্ধা মাতৃক এলাগী কৰিছিল। 

আশীৰ ঊধৰ্বৰ বৃদ্ধা তিলোত্তমা ৰায়ে নিজৰ দেহাৰে একো কৰিব নোৱাৰা হোৱাত দুই কন্যাই এলাগী কৰিছিল। যোৱা আঢ়ৈ বছৰ ধৰি বৃদ্ধাগৰাকীক নলবাৰীৰ শান্তি নিৱাস বৃদ্ধাশ্ৰমত আশ্ৰয় আৰু ভৰণ- পোষণৰ দায়িত্ব বহন কৰিছিল সাংবাদিক মজিবুৰ ৰহমানে। যোৱা সময়ছোৱাত সাংবাদিক ৰহমানে বৃদ্ধাগৰাকীৰ সকলো আলপৈচান ধৰাৰ লগতে তেওঁৰ পৰিয়ালৰ স’তে যোগাযোগ কৰে। বিগত সময়ছোৱাত বৃদ্ধাগৰাকীৰ দুই কন্যাৰ স’তে যোগাযোগ কৰাত বৃদ্ধাৰ কন্যাদ্বয়ে মাতৃক চমজি নলয় বুলি জনায়। ইফালে যোৱা কুৰি দিন ধৰি বৃদ্ধা মাতৃগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অধিক সংকটজনক হৈ পৰাত দুই কন্যাৰ স’তে সাংবাদিক ৰহমানে পুনৰ যোগাযোগ কৰি মাতৃক এবাৰ চাবলৈ অনুৰোধ জনাইছিল যদিও পৰিয়ালটোৰ কোনো এগৰাকী সদস্যই শেষবাৰৰ বাবে চাবলৈ নাহিল। অৱশেষত দুই কন্যাৰ মুখ দুখন চোৱাৰ হেঁপাহ কৰি কৰি আজি পুৱাৰ ভাগত বৃদ্ধা মাতৃ তিলোত্তমা ৰায়ে শেষ নিশ্বাস ত্যাগ কৰে। 

নিজৰ পৰিয়াল, আত্মীয়ৰ দ্বাৰা এলাগী হোৱা বৃদ্ধাগৰাকীক আজি পুৱাৰ ভাগত শান্তি নিৱাস বৃদ্ধাশ্ৰমত শেষ শ্ৰদ্ধা জনোৱাৰ পিছত নলবাৰীৰ ৰাজহুৱা শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়। বৈদিক নিয়মেৰে বৃদ্ধাগৰাকীক মুখাগ্নি কৰে সাংবাদিক মজিবুৰ ৰহমানে। আজিৰ এই শেষকৃত্য সম্পন্ন কাৰ্যসূচীত সহযোগিতা আগবঢ়াই নলবাৰী থানা  গাঁওৰক্ষী সংগঠনৰ চক্ৰ সংগঠক প্ৰদীপ দাস, মুকালমুৱা থানা গাঁওৰক্ষী সংগঠনৰ চক্ৰ সংগঠক নজৰুল ইছলাম, হাইস্কুল শিক্ষক সংস্থাৰ জিলা সম্পাদক উমেশ চন্দ্ৰ দাস, মজলীয়া শিক্ষক সংস্থাৰ জিলা সভাপতি বিজয় বৰুৱা, নলবাৰী ৰাজহুৱা শ্মশানৰ সম্পাদক পুনিত জালান, সমাজকৰ্মী ৰাজা জালান, জ্যেষ্ঠ সাংবাদিক জ্ঞানজ্যোতি শইকীয়া, শ্মশান বন্ধু নবীন চন্দ্ৰ ডেকাকে ধৰি বিভিন্নজনে।