Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অসমবাসীলৈ শুভেচ্ছা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২২ অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱ ড×পলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞা...


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২২ অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱ ড×পলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এক শুভেচ্ছাবাণীত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে বিশ্বৰ ভিতৰতে প্ৰাচীন ভাৰতীয় সভ্যতা-সংস্কৃতিৰ মূল উপাদান হ’ল-আধ্যাত্মিক  জীৱন দৰ্শন। অতীজৰে পৰা ভাৰতীয় সমাজ জীৱন শক্তিশালী আধ্যাত্মিক ধ্যান-ধাৰণাৰে পৰিচালিত হৈ মূল্যবোধ তথা মানৱতাবোধৰ আধাৰত প্ৰতিষ্ঠিত এখন প্ৰগতিশীল সমাজ হিচাপে পৰিচিত হৈ আহিছে। আমাৰ আধ্যাত্মিক জীৱন পৰিক্ৰমাত উৎসৱ-পাৰ্ৱণসমূহে সদায়ে ইতিবাচক অৰিহণা যোগাই আহিছে। শৰৎ কাল অতি বিতোপন। এই শৰৎ কালত অনুষ্ঠিত  শাৰদীয় দুৰ্গোৎসৱ কেৱল মাত্ৰ এক ধৰ্মীয় উৎসৱেই  নহয়, ই হ’ল প্ৰেম, ভাতৃত্ববোধ তথা অন্যান্য মানৱীয় অনুভূতিৰে সমৃদ্ধ এক মহামিলনৰ উৎসৱ। এই উৎসৱ হ’ল অপশক্তি নাশেৰে সত্যক প্ৰতিষ্ঠা কৰা এক যুগজয়ী উৎসৱ।

 প্ৰকৃতিৰ এই উৎসৱমুখৰ তথা বিনন্দীয়া পৰিৱেশে সমাজত শান্তি- সম্প্ৰীতি গঢ়াৰ পথো সুদৃঢ় কৰে। মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে শাৰদীয় দুৰ্গোৎসৱে আমাৰ মাজত বৰ্তি থকা শান্তি, সম্প্ৰীতি, প্ৰেম তথা  ভাতৃত্ববোধৰ এনাজৰী অধিক সুদৃঢ় কৰাৰ দিশত সকলোকে ঐক্যবদ্ধভাৱে কাম কৰাৰ বাবে অনুপ্ৰাণিত কৰিব। আনহাতে, মুখ্যমন্ত্ৰীয়ে ক’ভিড-১৯ সৃষ্ট এই জটিল সন্ধিক্ষণত কেৱল মাত্ৰ পৰম্পৰা পালনেৰে শাৰদীয় দুৰ্গোৎসৱ পালনৰ বাবে অসমবাসীক আহ্বান জনাইছে। এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে সাম্প্ৰতিক সময়ত ক’ভিড-১৯ সংক্ৰমণ সামান্যভাৱে কমিছে যদিও ইয়াৰ বিভীষিকা আঁতৰি যোৱা নাই। 

যেতিয়ালৈকে এই ৰোগৰ কোনো প্ৰতিষেধক অথবা ঔষধ আৱিষ্কাৰ নহয়, তেতিয়ালৈকে জনসাধাৰণে স্বাস্থ্য বিভাগে ধাৰ্য কৰা নীতি-নিয়মসমূহ উপযুক্তভাৱে পালন কৰি নিজকে নিৰোগী কৰি ৰাখিব লাগিব, যাতে উৎসৱকালীন সময়ত কোৰোনাৰ ব্যাপক সংক্ৰমণ ৰোধ কৰিব পৰা যায়। এই দিশত মাস্ক পৰিধান, সামাজিক ব্যৱধান মানি চলা, নিজৰ হাত চাবোনেৰে সঘনাই ধোৱা অথবা ছেনিটাইজ কৰাৰ লেখীয়া পদক্ষেপসমূহ কঠোৰভাৱে মানি চলাৰ বাবেও মুখ্যমন্ত্ৰীয়ে পূজা সমিতিকে ধৰি জনসাধাৰণক আহ্বান জনায়।

No comments