Page Nav

HIDE

শ্ৰীশ্ৰী বৰঠাই নগৰীয়া সত্ৰৰ সত্ৰাধিকাৰ হৃদয়ানন্দ মহন্তৰ দেহাৱসান

চিনামৰা, ৯ অক্টোবৰ :  দক্ষিণ যোৰহাটৰ কৰঙাত অৱস্থিত ঐতিহাসিক শ্ৰীশ্ৰী বৰঠাই নগৰীয়া সত্ৰৰ সত্ৰাধিকাৰ হৃদয়ানন্দ মহন্তৰ যোৱা ৰাতি প্ৰায় ১২-৪৫ বজ...



চিনামৰা, ৯ অক্টোবৰ :  দক্ষিণ যোৰহাটৰ কৰঙাত অৱস্থিত ঐতিহাসিক শ্ৰীশ্ৰী বৰঠাই নগৰীয়া সত্ৰৰ সত্ৰাধিকাৰ হৃদয়ানন্দ মহন্তৰ যোৱা ৰাতি প্ৰায় ১২-৪৫ বজাত সত্ৰৰ নিজা বাসভৱনত বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৮৪ বছৰ৷ সত্ৰাধিকাৰগৰাকীৰ পৰলোকৰ বাতৰি পোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে আৰু সত্ৰৰ বহুসংখ্যক শিষ্য-প্ৰশিষ্যৰ লগতে বহু আত্মীয় তেখেতৰ বাসভৱনত উপস্থিত হৈ ধৰ্মীয় গুৰুজনলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷ বন বিভাগত ৰেঞ্জাৰ হিচাপে ২০০০ চনত নগালেণ্ডৰ কহিমাত অৱসৰ গ্ৰহণ কৰা প্ৰয়াত মহন্তই ২০০৯ বৰ্ষত সত্ৰখনিৰ সত্ৰাধিকাৰৰ দায়িত্ব গ্ৰহণ কৰিছিল৷ এসময়ত এগৰাকী সুদক্ষ ভলিবল খেলুৱৈ হিচাপে সুখ্যাতি লাভ কৰা প্ৰয়াত সত্ৰাধিকাৰগৰাকীয়ে কেইবাবছৰৰো আগতেই একমাত্ৰ পুত্ৰৰ উপৰি কিছুদিনৰ আগতে পত্নীকো হেৰুৱাই অকলশৰীয়াকৈ জীৱন অতিবাহিত কৰি আছিল৷ মৃত্যুৰ সময়ত প্ৰয়াত মহন্তই একমাত্ৰ ভাতৃ, ভাই বোৱাৰী, এগৰাকী নবৌয়েক, বোৱাৰী, দুগৰাকী বিবাহিতা জী, জোৱাঁই, দুজন ভতিজা সহ চাৰিটি নাতি-নাতিনী এৰি থৈ গৈছে৷