Page Nav

HIDE

আছুৰ ৰাজনৈতিক দল সুলেখা চিয়াঁহীৰ দৰেঃ অসম গণ পৰিষদৰ কেন্দ্ৰিয় প্ৰতিষ্ঠা দিৱসত অতুল বৰা

  গণ বাৰ্তা বিশেষ, যোৰহাট, ১৪ অক্টোবৰ ঃ অসম গণ পৰিষদৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয়ভাৱে যোৰহাট জিলাৰ দেৰগাঁও বিধানসভা সমষ্টিৰ ওপৰ দেউৰী...

 

গণ বাৰ্তা বিশেষ, যোৰহাট, ১৪ অক্টোবৰ ঃ অসম গণ পৰিষদৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয়ভাৱে যোৰহাট জিলাৰ দেৰগাঁও বিধানসভা সমষ্টিৰ ওপৰ দেউৰী গাঁৱৰ ৰাজহুৱা ৰংগমঞ্চত উদ্‌যাপন কৰা হয়। দলৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৩৬খন দলীয় পতাকা উত্তোলনেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ হয়। মটৰচাইকেল ৰেলী, মিছিং, দেউৰী বিহু, গায়ন-বায়ন আদিৰে দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি কেন্দ্ৰীয় নেতৃবৃন্দক আদৰি অনা হয়। দলৰ মূল পতাকা সভাপতি অতুল বৰাই উত্তোলন কৰাৰ সমান্তৰালভাৱে আন ৩৬খন পতাকাও উত্তোলন কৰা হয়। ইয়াৰ পাছতে শ্বহীদ তৰ্পণ, সতীৰ্থ সোঁৱৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মুকলি সভাত ভাষণ দি সভাপতি তথা মন্ত্ৰী অতুল বৰাই দলে বিগত সময়ত কৰি অহা ভুল-ত্ৰুটিৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰে। আজিৰ দিনটোৰ পৰা অসম গণ পৰিষদে নতুন চিন্তাৰে, নতুন দিশেৰে আগবাঢ়িব বুলি মন্ত্ৰী বৰাই উল্লেখ কৰে। কংগ্ৰেছে অসমীয়া খিলঞ্জীয়া সত্তা নিঃশেষ কৰি ৮৫৫জন তেজাল যুৱকক হত্যা কৰিছিল। আৰু সেইসকলৰ চৰম ত্যাগৰ ফলতেই অগপৰ জন্ম হৈছিল বুলি ভাষণত উল্লেখ কৰি মন্ত্ৰী বৰাই কয়, ‘আমি সন্মুখৰ পৰা আছুৰ নেতৃত্ব দিছিলোঁ, কিন্তু আছুত দলীয় ৰাজনীতিৰ যাতে চেকা নালাগে তাৰ প্ৰতি সজাগ আছিলোঁ। কিন্তু এতিয়া এচামে আছুক বদনাম কৰিবৰ বাবে, নিঃশেষ কৰিবৰ বাবে উঠিপৰি লাগিছে।’ যাৰ বাবে এতিয়া আছুৱে ৰাজনৈতিক দল গঠন কৰি অগপৰ ওচৰে-পাঁজৰে ৰাখিছে বুলি উল্লেখ কৰি মন্ত্ৰী অতুল বৰাই কয় যে সৰুতে আমি সুলেখা বুলি এটা চিঁয়াহী ব্যৱহাৰ কৰিছিলোঁ আৰু ই জনপ্ৰিয় আছিল। কিন্তু ইয়াৰ পাছত অলপ একে নামেৰে বজাৰত আৰু এটা চিঁয়াহী আহিল। যিটো ডু¿­প্লকেট। এতিয়া সেই একে হৈছে। আছুৰ ৰাজনৈতিক দল সেই ডু¿­প্লকেট চিঁয়াহী বুলি বৰাই কটাক্ষ কৰে। তেওঁ লগতে কয় যে এতিয়া ৮৫ৰ দিন নাই যদিও ভাল দিন আহিব আৰু জাতিৰ সেৱা কৰাৰ সুযোগ পাব। বৰ্তমান সময়ত আছুক নিঃশেষ কৰিবৰ বাবে এচাম উঠিপৰি লাগিছে। এমুঠি ন্যস্ত স্বাৰ্থ জড়িত ব্যক্তিৰ বাবে আছুৰ মজিয়া ব্যৱহাৰ হোৱাটো দুখজনক বুলি কয় সভাপতিজনে। সভাত উদ্বোধনী ভাষণ প্ৰদান কৰি  দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই কয় যে বৰ্তমান অগপ দল ন-সাজে ওলাইছে আৰু বিধান পৰিষদ, মণ্ডল পৰিষদ, ছাত্ৰ পৰিষদ গঠন কৰি তৃণমূল শক্তিশালী কৰাৰ ব্যৱস্থা কৰা হৈছে। তেওঁ লগতে কয় যে পূৰ্বতে দলৰ মজিয়াত হোৱা ভুলৰ বাবে যিসকল দল ত্যাগ কৰি ওলাই গৈছে তেওঁলোকো দললৈ পুনৰ ঘূৰি আহক আৰু পুৰণি কথাবোৰ পাহৰি যোৱাটো উচিত। জাতীয়তাবাদ বৃদ্ধিৰ বাবেই দলত কল্পনা পাটোৱাৰীৰ দৰে শিল্পীয়ে দলত যোগদান কৰিছে। ইয়াৰোপৰি দললৈ অতি সোনকালে সাহিত্যৰ কাণ্ডাৰীৰ আগমন ঘটিব। যাৰ ফলত দলত নতুন চিন্তাৰ উন্মেষণ হ’ব। ৰাইজে এতিয়া ৰাজপথত  টায়াৰ জ্বলাই অসমক আগুৱাই নিয়াটো নিবিচাৰে, বৰঞ্চ অগপ দলে আত্মশুদ্ধিৰে ৰাইজ তথা ৰাজ্যক আগুৱাই নিয়াটো বিচাৰে। সভাত উপস্থিত থাকি বিশিষ্ট সাংবাদিক উৎপল বৰুৱাই কয় যে অসমত আঞ্চলিকতাবাদ ৩৫ বছৰীয়া পুৰণি হ’লেও দেশত আঞ্চলিকতাবাদৰ ইতিহাস বহু পুৰণি আৰু ৰাজনীতিত আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা যথেষ্ট গুৰুত্বপূৰ্ণ। বিগত বহু বছৰ ধৰি দিল্লীত চৰকাৰ গঠনত আঞ্চলিকতাবাদী দলে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। আঞ্চলিকতাবাদী দলৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগী থকা প্ৰয়োজন আৰু সেয়ে এতিয়া অসমৰ ৰাজনীতিত হোৱা মিত্ৰজোঁটে দিল্লীত ৰাজ্যৰ সমস্যাসমূহ দাঙি ধৰাৰ সুযোগ লাভ কৰিছে। তেওঁ লগতে কয় যে অগপ দলক সমালোচনা কৰাসকল প্ৰকৃততে বাঁও শিবিৰৰ লোক, যি কংগ্ৰেছ দলক ভাল পায় আৰু তেনে লোকৰ অপপ্ৰচাৰত হতাশ হোৱাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে বৰুৱাই। প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কয় যে ৰাইজ তথা অসমৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা আজি ৩৫ বছৰ সম্পূৰ্ণ হ’ল। ৰাজ্যত পূৰ্বতে আঞ্চলিকতাবাদ আছিল যদিও প্ৰকৃত আঞ্চলিকতাবাদৰ জন্ম অগপ দলৰ পৰা হৈছিল। নতুনকৈ দলটোত যোগদান কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কণ্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে কয় যে দলটোৱে উভতি যোৱাৰ প্ৰয়োজন আছে। এটা ঘৰৰ খুঁটা শক্তিশালী হ’লে নিৰ্মাণ কাৰ্য ভাল হয় বুলি উল্লেখ কৰি শিল্পীগৰাকীয়ে বহুকেইটা গীতেৰে উপস্থিত ৰাইজক আপ্লুত কৰে। দলত নিজৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য নাৰাখি নিজে কি দিব পাৰে তাৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজন বুলিও কয় শিল্পীগৰাকীয়ে। ইফালে সভাত সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশী উপস্থিত থকাৰ বিষয়টোৱে প্ৰকাৰান্তে ৰাজবংশীয়ে অতিশীঘ্ৰে দলত যোগদান কৰাটো নিশ্চিত কৰিলে। এই সম্পৰ্কে সভাপতি অতুল বৰাই ৰাজহুৱাকৈ ঘোষণা কৰে যে কেইদিনমানৰ ভিতৰত ৰাজবংশীয়ে অগপ দলত যোগদান কৰিব।