আমি খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত কৰিব বিচাৰিছো- মুখ্যমন্ত্ৰী পৰাণজ্যোতি বৰা, মাজুলী,৫অক্টোবৰ : আমাৰ মাটি, আমাৰ অসম, আমাৰ অধিকাৰ শ্লগানেৰে আম...
আমি খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত কৰিব বিচাৰিছো- মুখ্যমন্ত্ৰী
পৰাণজ্যোতি বৰা, মাজুলী,৫অক্টোবৰ : আমাৰ মাটি, আমাৰ অসম, আমাৰ অধিকাৰ শ্লগানেৰে আমি খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত কৰিব বিচাৰিছোঁ।মাটিৰ ওপৰত আমাৰ অধিকাৰ থাকিলেহে আমি মেৰুদণ্ড পোনাই জীয়াই থাকিব পাৰিম।আমি জাতি মাটি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি অনুসৰি এতিয়ালৈকে ১ লাখতকৈ অধিক মানুহক মাটিৰ পট্ৰা দিয়াৰ ব্যৱস্থা কৰিলোঁ।খিলঞ্জীয়াৰ মাটিৰ ওপৰত থকা অধিকাৰ আজি আমি প্ৰদান কৰিলোঁ।ৰাইজে মাটিৰ পট্ৰা বিচাৰি পূৰ্বে আন্দোলন কৰি আহিছিল যদিও পূৰ্বৰ চৰকাৰে এই কথা আন্তৰিকতাৰে লোৱা নাছিল বাবে এই সমস্যাটো সমস্যা হৈয়েই আছিল।কিন্তু আমি চৰকাৰ কৰি এই অধিকাৰ ৰাইজক প্ৰদান কৰিলোঁ।আজি মাজুলীৰ দৰিয়া পাৰৰ মাজুলী মহাবিদ্যালয় খেল পথাৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত ৮১২৪ গৰাকী ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰীলৈ ভূমি পট্ৰা আৰু আবন্টন পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকি ভূমি পট্ৰা বিতৰণ কৰি দিয়া ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এনেদৰে কয়।মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণ প্ৰসংগত আৰু কয় যে আমি এন আৰ চি শুদ্ধ ভাৱে প্ৰস্তুত কৰাৰ বাবে আজিও প্ৰস্তুত।ষষ্ঠ অনুসূচীৰ ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে উচ্চ পৰ্যায়ৰ কমিটিৰ দ্বাৰা হোৱা আলোচনাই এক গতি লাভ কৰিছে।অসম চুক্তি আমি কামে-কাজে ৰূপায়নৰ বাবে প্ৰচেষ্টা চলাই আছোঁ।ভাৰত বাংলাদেশ সীমান্তৰ নদী পথ চীল কৰা হৈছে।সাংবাধানিক ৰক্ষা কৱচৰ বাবে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে।অসম দৰ্শনৰ যোগেদি ৮ হাজাৰটা নামঘৰলৈ আৰ্থিক সাহাৰ্য্য, সত্ৰলৈ ১০ লাখ টকাকৈ অনুদান, সত্ৰৰ ভূমি বেদখল মুক্ত, অসম সাহিত্য সভাকে ধৰি জনগোষ্ঠীয় সাহিত্য সভা সমূহলৈ আৰ্থিক অনুদান প্ৰদান কৰি আমি সকলোকে লৈ এক শক্তিশালী সমাজ গঢ়াৰ বাবে আগবাঢ়িব বিচাৰিছোঁ।ইফালে শেহতীয়াকৈ অসমত সংঘটিত হোৱা এছ আই কেলেংকাৰী সন্দৰ্ভত কবলৈ গৈ মুখ্যমন্ত্ৰীয়ে কয় যে দুৰ্নীতি মুক্ত অসম নিৰ্মাণৰ বাবে কেৱল ভাষণ দিলেই নহব।দুৰ্নীতিৰ বিৰুদ্ধে অভিযান আমি সচা অব্যাহত ৰাখিছোঁ।আমি এই ক্ষেত্ৰত উল্লেখযোগ্য সফলতা লাভ কৰিছোঁ।অসম লোক সেৱা আয়োগৰ কেলেংকাৰীকে ধৰি আমি বিভিন্ন কেলেংকাৰী ফাদিল কৰি অভিযুক্ত সকলক দৃষ্টান্ত মূলক শাস্তি প্ৰদান কৰিছোঁ।কংগ্ৰেছে আজি দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলন কৰাৰ নৈতিক অধিকাৰ নাই বুলিও তেওঁ উল্লেখ কৰে।এছ আই নিযুক্তি কেলেংকাৰীৰ এক ষড়যন্ত্ৰ আছিল । কিন্তু আমি তাক সফল হবলৈ নিদি পৰীক্ষা বাতিল কৰিছোঁ।এই ষড়যন্ত্ৰক আমি ফাদিল কৰি দোষীক উচিত শাস্তি প্ৰদান কৰিম। আগন্তুক দিনত মেধাৰ ভিত্তিত নিযুক্ত প্ৰদান কৰা হব। আগন্তুক দিনত আৰু ৫৫ হাজাৰ নিযুক্তি প্ৰদান কৰা হব।কংগ্ৰেছে এ পি এছ ছি কেলেংকাৰী কৰি নিৰৱে আছিল কিন্তু আমি তাক ফাদিল কৰিলোঁ বুলি তেওঁ উল্লেখ কৰে।লগতে কয় আগন্তুক দিনত মাজুলীৰ আৰু ৮০০০ লোকক মাটিৰ পট্ৰা প্ৰদান কৰা হব বুলি তেওঁ উল্লেখ কৰে। আজি মাজুলীত যি পৰিৱৰ্তন হৈছে ৰাইজে মোক দিয়া মনোবলৰ বাবেহে সম্ভৱ হৈছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰে।মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত অংশ লৈ ডি এন পি এলৰ অধ্যক্ষ ৰূপম গোস্বামী,উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামী, দেউৰী স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী মাধৱ দেউৰীয়েও ভাষণ দিয়ে।অনুষ্ঠানৰ মাজতে মাজুলীৰ কনমানি শিল্পী তুলিকা শইকীয়াই সুধাকন্ঠ ভূপেন হাজৰিকাৰ কালজয়ী গীত অ' মোৰ ধৰিত্ৰী আই চৰনতে দিবা ঠাই ...শীৰ্ষক গীত পৰিৱেশন কৰি অনুষ্ঠানৰ মাত্ৰা বৃদ্ধি কৰাৰ লগতে মুখ্যমন্ত্ৰী সোনোৱালে তেওঁৰ গীতত আবেগিক হৈ পৰে আৰু কনমানি তুলিকাৰ প্ৰশংসা লয়।অনুষ্ঠানত মাজুলী জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী নৰনাৰায়ণ নাথ,মাজুলী বিজেপিৰ সভাপতি লোকনাথ কুটুমো উপস্থিত থাকে। মাজুলীৰ আটাইকেইটা পঞ্চায়তৰ পৰা বহু সংখ্যক লোকে ভিডিঅ কনফাৰঞ্চিংৰ জড়িয়তে অনুষ্ঠানত অংশ লয়।ইফালে আজি এই ভূমি পট্ৰা বিতৰণ অনুষ্ঠানত ১৮-২০ বিঘা মাটি থকা টনকিয়াল লোকেও পট্ৰা লাভ কৰাৰো একাংশই অভিযোগ তুলিছে।ইয়াৰ বিপৰীতে মথাউৰীৰ ওপৰত যুগ যুগ ধৰি বসবাস কৰা লোক এতিয়াও বঞ্চিত হৈয়েই থাকিল।ইফালে মুখ্যমন্ত্ৰী গড়মূৰৰ আৱৰ্ত্ত ভৱনত থকাৰ সময়তে আজি মাজুলী কংগ্ৰেছে দুৰ্নীতিৰ বিৰুদ্ধে জিলা সদৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
৩৩/১১ কে ভি বনগাঁৱৰ বিদ্যুৎ উপকেন্দ্ৰৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ : দুদিনীয়া ভ্ৰমণ সুচীৰ অংশ হিচাপে মুখ্যমন্ত্ৰীয়ে আজি ১০.৩০ বজাত ৬.৭৭ কোটি টকা ব্যয় সাপেক্ষে গঢ়ি তোলা ৩৩/১১ কে ভি বনগাঁৱৰ বিদ্যুৎ উপকেন্দ্ৰৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি চুইটছ টিপি কাম-কাজৰ শুভাৰম্ভ কৰে।ইয়াৰ পিছতে এই উপলক্ষে অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী উপস্থিত থাকে। এপি ডিচি এল ,এ ই জি চি এল,এপ পি জি চি এলৰ অধ্যক্ষ ভিনোদ কুমাৰ পিপাৰচনিয়াৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে মাজুলীৰ উন্নয়নৰ দিশত আৰু এখোজ আগুৱাই যোৱা বুলি উল্লেখ কৰে।৫ মেগাৱটৰ উক্ত বিদ্যুৎ উপ কেন্দ্ৰই অঞ্চলৰ বিদ্যুৎ ক্ষেত্ৰলৈ ডাঙৰ বৰঙণি আগবঢ়াব বুলি উল্লেখ কৰে।অতি শীৰ্ঘে মাজুলীত এটা সৌৰ শক্তি প্ৰকল্প স্থাপন কৰা হব বুলি তেওঁ ঘোষণা কৰে।অনুষ্ঠানত এ পি ডি চি এলৰ পৰিচালন সঞ্চালক ৰাকেশ আগৰৱালা,এ পি জি চি এল পৰিচালন সঞ্চালিকা কল্যাণী বৰুৱা, এন পি এলৰ অধ্যক্ষ ৰূপম গোস্বামীকে ধৰি বিদ্যুৎ বিভাগৰ উচ্চ পদস্থ বিষয়া বৰ্গ উপস্থিত থাকে।
No comments