Page Nav

HIDE

ছয় দিনৰ চিআইডিৰ জিম্মালৈ এছ আই কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড : চিআইডিৰ উপৰি ক্ৰাইম ব্ৰান্সেও চলাব জেৰা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ অক্টোবৰ :  ৰাকেশ পালৰ এপিএছচিৰ দোকান বন্ধ হোৱাৰ পিছত আন এখন চাকৰিৰ দোকান খুলি এতিয়া ৰঙাঘৰৰ আলহী প্ৰাক্তন ডিআইজি...



ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ অক্টোবৰ :  ৰাকেশ পালৰ এপিএছচিৰ দোকান বন্ধ হোৱাৰ পিছত আন এখন চাকৰিৰ দোকান খুলি এতিয়া ৰঙাঘৰৰ আলহী প্ৰাক্তন ডিআইজি প্ৰশান্ত কুমাৰ দত্ত। অসম আৰক্ষীৰ ৫৯৪টা উপ-পৰিদৰ্শক পদৰ নিযুক্তি পৰীক্ষাত চাকৰিৰ দোকান পাতি বক্ৰপথেৰে এছ আই পদত নিযুুক্তি দিয়াৰ নামত কোটি কোটি টকা আহৰণ কৰিছিল পি কে দত্ত আৰু বিজেপিৰ পৰা সদ্য অপসাৰিত নেতা দিবন ডেকাই। পি কে দত্তৰ হোটেল ভাৰ্গৱ আৰু ভাৰ্গৱ গ্ৰেণ্ডত ১৯ ছেপ্টেম্বৰত অনুশীলন পৰীক্ষা অনুষ্ঠিত কৰি চাকৰি বিক্ৰী কৰাৰ দোকান চলাইছিল দিবন-পি কে দত্ত এণ্ড কোম্পানীয়ে। পাটাছাৰকুছিত দিবন ডেকা গ্ৰেপ্তাৰ হোৱাৰ পিছত কালি ভাৰত-নেপাল সীমান্তৰ কাকৰভিটাৰ পানীটেংকিত গ্ৰেপ্তাৰ হৈছিল পি কে দত্ত। 

অসমলৈ আহি আত্মসমৰ্পণ কৰাৰ যো-জা চলাওঁতেই পানীটেংকিৰ ইমিগ্ৰেছন চেণ্টাৰ (পাৰপত্ৰ পৰীক্ষণ কেন্দ্ৰ)ত ধৰা পৰিছিল পি কে দত্ত। ইয়াৰ পিছতে অসম আৰক্ষীৰ এটা বিশেষ দলে পশ্চিমবংগত উপস্থিত হৈ পি কে দত্তক লৈ আহিছিল। কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোশনৰ নেতৃত্বত অসম আৰক্ষীৰ চিআইডি আৰু ক্ৰাইম ব্ৰান্সৰ দলে পশ্চিমবংগত উপস্থিত হৈ পি কে দত্তক লৈ অহাৰ পিছত কালি শেষ ¸নিশা চিআইডিৰ কাৰ্যালয়লৈ অনা হয়। চিআইডিয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০বিয৪০৯ আৰ ডব্লিউয৬৬ বিৰ অধীনত ২১য২০২০ নম্বৰৰ গোচৰত পি কে দত্তক গ্ৰেপ্তাৰ কৰি আজি আদালতত হাজিৰ কৰায়। আদালতে এছ আই কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড প্ৰাক্তন ডিআইজি পি কে দত্তক ছয় দিনৰ চিআইডিৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখ্য যে চিআইডিয়ে কামৰূপ সত্ৰ ন্যায়াধীশৰ আদালতত পি কে দত্তক সাত দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে ছয় দিনৰহে অনুমতি দিয়ে।

 ইপিনে আৰক্ষীৰ জেৰাৰ পৰা সাৰিবলৈ শাৰীৰিক অসুস্থতাৰ দোহাই দিবলৈ চেষ্টা চলাইছিল যদিও আদালতে তদন্তৰ বাবে ছয় দিনৰ জিম্মালৈ প্ৰেৰণ কৰে এছ আই কেলেংকাৰীৰ অন্যতম খলনায়ক পি কে  দত্তক। আদালতত পি কে দত্তই হৃদৰোগ, উচ্চ ৰক্তচাপ আৰু বহুমূত্ৰ ৰোগত আক্ৰান্ত বুলি জানিবলৈ দিয়ে। আজি আদালতত হাজিৰ কৰাৰ পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পি কে দত্তৰ শাৰীৰিক পৰীক্ষা কৰা হয়। ইপিনে পি কে দত্তক চিআইডিৰ উপৰি মহানগৰ আৰক্ষীৰ ক্ৰাইম ব্ৰান্সেও জেৰা কৰাৰ সম্ভাৱনা আছে। চিআইডিৰ ২১য২০২০ নম্বৰৰ গোচৰত পি কে দত্ত আৰু দিবন ডেকা মুখ্য অভিযুক্ত হোৱাৰ উপৰি মহানগৰ আৰক্ষীৰ ক্ৰাইম ব্ৰান্সৰ ১৩য২০২০ নম্বৰৰ গোচৰৰো অন্যতম অভিযুক্ত। পি কে দত্তক জেৰাৰ পিছতেই এছ আই পৰীক্ষাৰ নিযুক্তি কেলেংকাৰীৰ নতুন নতুন তথ্য ফাদিল হ’ব অচিৰেই।