ফটো : দেৱাশীষ শৰ্মা, সৰুপথ...
ফটো : দেৱাশীষ শৰ্মা, সৰুপথাৰ
গণ বাৰ্তা, সৰুপথাৰ, ২৯ অক্টোবৰ : সৰুপথাৰ সমষ্টিত এতিয়া মূল সমস্যা হিচাপে পৰিগণিত হৈছে ৰাস্তা ঘাট ৰ সমস্যা । ধনশিৰি মহকুমাৰ প্ৰায় সকলোবোৰ মূল পথেই এতিয়া সম্পূৰ্ণ ৰূপে বিধস্ত হৈ পৰিছে । আজি বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত বৰপথাৰৰ পৰা উৰিয়ামঘাট সংযোগী ৰেংমা গঢ়কাপ্টানী পথটি পুনৰ নিৰ্মাণৰ দাবীত প্ৰেমহৰাত মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰে । প্ৰতিবাদস্থলীত "হিমন্ত বিশ্ব শৰ্মা গ'বেগ", " অসম চৰকাৰ হায় হায়" " সৰ্বানন্দ সোনোৱাল হায় হায়" আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে । উল্লেখযোগ্য যে উক্ত গঢ়কাপ্টানী পথটোৱেদি দৈয়াং নৈ ৰ পৰা নিতৌ শ শ ডাম্পাৰে শিল কঢ়িয়াই । বিভিন্ন সময়ত দল সংগঠন সমূহে উক্ত পথটো নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন নিবেদন কৰিছে যদিও আজি পৰ্যন্ত কিন্তু ৰাইজে কোনো সুফল নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে । ইফালে গঢ়কাপ্টানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি
বাট পথ সমূহৰ উন্নয়নৰ বাবে চাইকেল চলাই যি পৰিভ্ৰমণৰ কথা কৈ থাকে তেওঁক উক্ত পথেৰে চাইকেল চলাই আহিবৰ বাবে প্ৰত্যাহ্বান জনাই ছাত্ৰ সন্থাই । ইয়াৰ উপৰিও স্থানীয় বিধায়িকা ৰ'জলীনা তিৰ্কীক নিমাতী কন্যাৰ ভাও ধৰি নিৰ্বাচনৰ আগত বসন্ত কুলিৰ দৰে ওলাই আহি আধাৰশিলা স্থাপন কৰিয়েই সামৰনি মাৰে বুলিও অভিযোগ উত্থাপন কৰিছে ছাত্র সন্থাই ।
No comments