নতুন দিল্লী, ২২ অক্টোবৰ : ভাৰতত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বায়ু প্ৰদূষণে। ২০১৯ত বায়ু প্ৰদূষণৰ ফলতেই ১৬.৭ লাখ লোকে মৃত্যুক আঁকোৱালি লয়। ষ্টেট অৱ গ্...
নতুন দিল্লী, ২২ অক্টোবৰ : ভাৰতত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বায়ু প্ৰদূষণে। ২০১৯ত বায়ু প্ৰদূষণৰ ফলতেই ১৬.৭ লাখ লোকে মৃত্যুক আঁকোৱালি লয়। ষ্টেট অৱ গ্ল’বেল এয়াৰ ২০২০ৰ প্ৰতিবেদন অনুসৰি ২০১৯ত বায়ু প্ৰদূষণ সম্বন্ধীয় ৰোগত ১৬.৭ লাখ লোকৰ মৃত্যু ঘটিছে। মৃত্যু ঘটা লোকসকলৰ ভিতৰত ১ লাখৰ ভিতৰত এবছৰতকৈ তলৰ। উল্লেখ্য যে বিশ্বৰ ৩০খন প্ৰদূষিত চহৰৰ ভিতৰত ২২খনেই ভাৰতৰ। ভাৰতৰ গুৰগ্ৰাম, গাজিয়াবাদ, ফৰিয়াবাদ, নয়দা আদিকে ধৰি ভাৰতৰ ২২খন চহৰ বিশ্বৰ প্ৰদূষিত চহৰৰ তালিকাত আছিল।
এনে সময়তেই ষ্টেট অৱ গ্ল’বেল এয়াৰে ২০২০ৰ প্ৰতিবেদন অনুসৰি ২০১৯ত বিশ্বজুৰি বায়ু প্ৰদূষণৰ ফলত ৪,৭৬,০০০ নৱজাতক শিশুৰ মৃত্যু হৈছিল। ইয়াৰে ১,১৬,০০০ নৱজাতক শিশু ভাৰতৰ। লগতে প্ৰতিবেদনত এই কথাও প্ৰকাশ কৰিছে যে বায়ু প্ৰদূষণে দেশবাসীৰ স্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনিছে। বায়ু প্ৰদূষণৰ ফলতেই ভাৰতত ষ্ট্ৰোক, হৃদৰোগত আক্ৰান্ত, মধুমেহ, হাওঁফাওঁৰ কেন্সাৰ আৰু জন্মৰ সময়তে হোৱা ৰোগৰ সংখ্যা বৃদ্ধি পাইছে। যাৰ ফলত ২০১৯ত ভাৰতত ১৬,৬৭,০০০ লোকৰ মৃত্যু ঘটিছে বায়ু প্ৰদূষণত।
No comments