Page Nav

HIDE

আছুৱে ৰাজনৈতিক দল গঠন কৰিছিল, কংগ্ৰেছৰ গাখীৰ খাই জীয়াই থাকিবঃ ছাত্ৰ সংগঠনটোৰ বিৰুদ্ধে আক্ৰমণাত্মক অগপ সভাপতি অতুল বৰা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ অক্টোবৰ ঃ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ তৎপৰ হৈ পৰিছে অসম গণ পৰিষদ, চমুকৈ অগপ। স...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ অক্টোবৰ ঃ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ তৎপৰ হৈ পৰিছে অসম গণ পৰিষদ, চমুকৈ অগপ। সমষ্টিয়ে সমষ্টিয়ে দলৰ ভেটি মজবুত কৰাৰ ক্ষেত্ৰত সাংগঠনিক তৎপৰতা বৃদ্ধি কৰি থকাৰ সময়তে পাঠশালাত আনন্দৰাম একাডেমীৰ অধ্যক্ষ ড০ ৰঞ্জিত ডেকাই আজি আনুষ্ঠানিকভাৱে অগপ দলত যোগদান কৰে। তিনি শতাধিক সমৰ্থকক লগত লৈ ৰঞ্জিত ডেকাই অগপ দলত যোগদান কৰি অসম আৰু অসমীয়াৰ স্বাৰ্থত মাত মাতি যোৱাৰ হুংকাৰ দিয়ে। অগপই অসমীয়াৰ হকে মাত মাতি আহিছে আৰু মাত মাতি যাব। যুঁজি যুঁজি অসমীয়াৰ বাবে প্ৰাপ্য আদায় কৰি আনিম। আমি যুঁজৰ বাবে সাজু হৈছো আৰু যুঁজি যাম বুলি সংকল্প গ্ৰহণ কৰে ডেকাই। আজি যোগদান কাৰ্যসূচীতেই অগপৰ সভাপতি অতুল বৰাই ভাষণ প্ৰসংগত কয় যে ড০ ৰঞ্জিত ডেকাৰ যোগদানে পাটাছাৰকুছি সমষ্টিত অগপক এক নতুন গতি দিব। 

আৰু অধিক শক্তিশালী হ’ব আঞ্চলিকতাবাদৰ দুৰ্গ। পাটাছাৰকুছি সমষ্টিত অগপৰ ভেটি ইমানেই শক্তিশালী যে যিকোনো নিৰ্বাচনতেই দল জয়ী হ’ব বুলি দাবী কৰে অতুল বৰাই। তেওঁ লগতে আৰু কয় যে অগপ ৰাইজৰ দল, তেজেৰে গঢ়া দল। অগপৰ বিপৰ্যয় হৈছে, কিন্তু আমি হতাশ হোৱা নাই, মন ভাঙি পেলোৱা নাই। অগপ চৰকাৰৰ দিনত কিমান বিদেশীক খেদিলে বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বৰাই কয় যে অগপ চৰকাৰৰ দিনত অবৈধ বিদেশী প্ৰব্ৰজন আইন ১৯৮৩ হৈছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ সহযোগ নহ’লে বিদেশী বহিষ্কাৰ কৰিব নোৱাৰি। অতীতৰ ভুলৰ পুনৰাবৃত্তি হ’বলৈ নিদিওঁ বুলি ঘোষণা কৰি আছুৰ বিৰুদ্ধেও আক্ৰমণাত্মক হৈ পৰে। আছুৰ উদ্যোগত গঠিত অসম জাতীয় পৰিষদ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত অতুল বৰাই কয় যে এম এল এ-মন্ত্ৰী হোৱাৰ বাবে বহু দল হৈছে। মন্ত্ৰী-এম এল এ হোৱাৰ বাবে যোৱা তিনিমাহমান আন্দোলন হৈছিল। 

আছুৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিবলৈ আমি চেষ্টা কৰিছিলো, কিন্তু আজি আছুৱে ৰাজনৈতিক দল গঠন কৰিব। কংগ্ৰেছৰ গাখীৰ খাই জীয়াই থাকিব বুলি কটাক্ষ কৰে। দলৰ জন্ম হ’লেও অগপ আঞ্চলিকতাবাদৰ শিপা উভালিব নোৱাৰে। অগপক নিশকতীয়া কৰিব নোৱাৰে। অগপ কেতিয়াও দিল্লীৰ তলত নহয়, দিল্লীৰ লগত আছে বুলি ঘোষণা কৰে। তেওঁ লগতে আৰু কয় যে ৰাস্তাত টায়াৰ জ্বলাই উদ্ভণ্ডালি কৰি ধবংসাত্মক কাম কৰি আমি একো কাম আদায় কৰিব নোৱাৰো। যাৰ বাবে নতুন ৰাজনৈতিক দলৰ জন্ম হৈছে।

 ৩৫ বছৰীয়া ইতিহাস বিফলতাৰ ইতিহাস। অতুল বৰাই লগতে কয় যে আমি পৰিয়ালকেন্দ্ৰিক ৰাজনীতিত বিশ্বাস নকৰো। দল এদিন নিজৰ ভৰিত থিয় হ’ব। ৰাজনীতি ৰাইজৰ সেৱাৰ বাবে কৰিছো। শিপা বিচাৰি আছো, য’ত আমাৰ শিপা আছে সেই সমষ্টিসমূহ চাইছো বুলি তেওঁ উল্লেখ কৰে। উল্লেখ্য যে আজি যোগদান কাৰ্যসূচীত ড০ ৰঞ্জিত ডেকাক সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই আদৰণি জনায়।