Page Nav

HIDE

পেঙেৰীত ব্ৰাউন ছুগাৰ ,নগত ধনসহ ৪ দুৰ্বৃত্ত আৰক্ষী জালত

গণ বাৰ্তা পেঙেৰী ৯ অক্টোবৰ :  পেঙেৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ আৰক্ষীয়ে ৪ জন লোকক যোৱা নিশা  আটক কৰিছে। তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা মহকুমা আৰক্...


গণ বাৰ্তা পেঙেৰী ৯ অক্টোবৰ :  পেঙেৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ আৰক্ষীয়ে ৪ জন লোকক যোৱা নিশা  আটক কৰিছে। তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পুনা গগৈ আৰু বৰডুমচা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লাৰ্ণিছ পেগুৰ নেতৃত্বত আৰক্ষীৰ বৃহৎ দলে ড্ৰাগছখিনি জব্দ কৰে। জানিব পৰা মতে  মাৰ্ঘেৰিটাৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ লৈ দলটো বৰডুমচা অভিমুখে যাত্ৰা কৰে। আৰক্ষী বিষয়াৰ দলে পেঙেৰীৰ পেট্ৰ’ল পাম্পৰ নিকটৱৰ্তী পেঙেৰী- বৰডুমচা পথত এগৰাকী যুৱতীসহ ৪ জন লোক অহা  এ এছ ২৩ জি ৯৭৫৬৫ নম্বৰৰ মাৰুটী এল্ট’ খন আগভেটি ধৰে। ধৃত ড্ৰাগছ মাফিয়া তথা আশা কৰ্মী কঁ‌ঠালগুৰি নিৱাসী ব্ৰজেন বৰুৱাৰ পত্নী ৰেখা বৰুৱা (৪০)সহ তেওঁৰ পুত্ৰ লক্ষ্যজিৎ বৰুৱা (১৯), বৰডুমচাৰ ২ নং মহঙৰ জগত দেউৰীৰ পুত্ৰ ভূপেন দেউৰী (৪৪), ইনথেমৰ প্ৰফুল্ল গুদূংৰ পুত্ৰ মহেশ চিংফৌ (২৭)  জিম্মাৰ পৰা দুটা টোপোলাত থকা প্ৰায় ২৭ .৫ গ্ৰাম ওজনৰ ‘হিৰ’ইন’ নামৰ ড্ৰাগছ জব্দ কৰে। জনামতে ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৮ লাখ টকা হব । ইয়াৰ মূল্য ‘ব্ৰাউন ছুগাৰ’ৰ মূল্যৰ দুগুণতকৈও অধিক। হিৰ’ইনৰ টোপোলাটোৰ উপৰি এটা মোবাইল হেণ্ড ছেট আৰু মাৰুটী এল্ট’খন জব্দ কৰি আৰক্ষীৰ দল ধৃত ৰেখাৰ কঁ‌ঠালগুৰিস্থিত বাসগৃহতো আৰক্ষীয়ে অভিযান চলাই  ২৩৭ গ্ৰাম  জব্দ কৰাৰ লগতে নগত টকাও জব্দ হৈছে ৷ লেডী ড্ৰাগছ মাফিয়া ৰেখাৰ বৰুৱা পুত্ৰ লক্ষ্যজিৎ বৰুৱা মাৰ্ঘেৰিটাৰ মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ বুলি জানিবলৈ পোৱা গৈছে।ৰেখা বৰুৱা পৰিয়ালক গাৱৰ পৰা উঠি যাবলৈ স্থানীয় ৰাইজে দাবী জনায় ।মাঘেৰিটা মহকুমা আৰক্ষী বিষয়া তথা SDPO পুনা গগৈক পেঙেৰী বৰদুমচা বাসী ৰাইজে শলাগ  আৰু ধন্যবাদ জ্ঞাপন কৰিছে।