গণবাৰ্তা বিশেষ, যোৰহাট ৩১ অক্টোবৰ : কংগ্ৰেছৰ দুই বিধায়ক ক্ৰমে শ্বেৰমান আলি আৰু কমলাক্ষ দেৱ পুৰকায়স্থই শংকৰদেৱ কলাক্ষেত্ৰত মিঞা আৰু বঙালী মি...
গণবাৰ্তা বিশেষ, যোৰহাট ৩১ অক্টোবৰ : কংগ্ৰেছৰ দুই বিধায়ক ক্ৰমে শ্বেৰমান আলি আৰু কমলাক্ষ দেৱ পুৰকায়স্থই শংকৰদেৱ কলাক্ষেত্ৰত মিঞা আৰু বঙালী মিউজিয়াম লাগে বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ ৰাজ্যজুৰি অব্যাহত আছে। আজি যোৰহাট নগৰৰ মাজ মজিয়াত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে এই মন্তব্যৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৰ সদস্যসকলে দুই বিতৰ্কিত বিধায়কৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। লগতে সংগঠনটোৱে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰি দুই বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় কয় যে পূৰ্ববংগীয় মুছলমানৰ দালাল শ্বেৰমান আলিয়ে শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম প্ৰতিস্থাৰ কথা কৈ অসমীয়া সভ্যতা সংস্কৃতিৰ ওপৰত আঘাত হনাৰ বিপৰীতে কমলাদেৱ পুৰকায়স্থই বিবেকহীন মন্তব্য কৰি সাম্প্ৰদায়িক অৰাকতাৰ সৃষ্টি কৰিছে| প্ৰতিবাদকাৰী সকলে দুই বিধায়ক মুৰ্দাবাদ ধ্বনি দি আজি যোৰহাট কপাই তোলে|
No comments