Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

গোলাঘাটত ড্ৰাগছৰ ৰমৰমীয়া বেহা : ড্ৰাগছ সহ দুজন আটক

গণ বাৰ্তা বিশেষ,গোলাঘাট, ১ অক্টোবৰ : গোলাঘাট নগৰৰ লগতে দাঁতি কাষৰীয়া অঞ্চলত চলি আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কঠ...


গণ বাৰ্তা বিশেষ,গোলাঘাট, ১ অক্টোবৰ : গোলাঘাট নগৰৰ লগতে দাঁতি কাষৰীয়া অঞ্চলত চলি আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈছে যদিও একাংশই আৰক্ষীকো কেৰেপ নকৰি চলাই আহিছে ড্ৰাগছৰ ব্যৱসায়। বুধবাৰে নিশা আৰক্ষীৰ এক অভিযানত পুনৰ গ্ৰেপ্তাৰ হ'ল দুজন ড্ৰাগছ ব্যৱসায়ী। গোলাঘাট আৰু জামুগুৰি আৰক্ষীৰ যুটীয়া অভিযানত এই দুটা ড্ৰাগছ বেপাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি নোগোৰা ৰাজ্যিক চিকিৎসালয়ৰ ওচৰত দুই যুৱকক কৰায়ত্ব কৰে আৰু ডিমাপুৰৰ লাহৰিজানৰ পৰা হেলমেটত লুকুৱাই অনা ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ বেপাৰী দুটাৰ নাম হ'ল বিতোপন শইকীয়া( ২২), বাবুল সিং যাদৱ (২৪)।  ঘৰ গোলাঘাটৰ বেঙেনাখোৱাৰ খাজুৰীগুৰিত।

No comments