Page Nav

HIDE

দেশত প্ৰতি ১ লাখৰ ভিতৰত গড়ে ১৯৩জন আক্ৰান্ত হয় যক্ষ্মাতঃ গ্ল’বেল টিউবাৰকলচিচ ২০২০ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য

নতুন দিল্লী, ১৫ অক্টোবৰ ঃ সমগ্ৰ বিশ্বতে এতিয়া ভয়াৱহ ৰোগ ৰূপে দেখা দিছে যক্ষ্মাই। বছৰি যক্ষ্মা ৰোগত বিশ্বত প্ৰায় ১৪ লাখ লোকৰ প্ৰাণহানি হয়। ২০...

নতুন দিল্লী, ১৫ অক্টোবৰ ঃ সমগ্ৰ বিশ্বতে এতিয়া ভয়াৱহ ৰোগ ৰূপে দেখা দিছে যক্ষ্মাই। বছৰি যক্ষ্মা ৰোগত বিশ্বত প্ৰায় ১৪ লাখ লোকৰ প্ৰাণহানি হয়। ২০১৯ত সমগ্ৰ বিশ্বত ১ কোটিতকৈও অধিক লোক যক্ষ্মা ৰোগত আক্ৰান্ত হোৱাৰ লগতে ১৪ লাখতকৈও অধিক লোকৰ প্ৰাণহানি হয়। এই কথা প্ৰকাশ পাইছে গ্ল’বেল টিউবাৰকুলোছিছ-২০২০ৰ প্ৰতিবেদনত। এই প্ৰতিবেদন অনুসৰি ২০২০ত ১ কোটি লোক যক্ষ্মা ৰোগত আক্ৰান্ত হৈছে। ইয়াৰ এক-চতুৰ্থাংশতকৈও অধিক ভাৰতত আক্ৰান্ত হৈছে। প্ৰতিবেদন অনুসৰি সমগ্ৰ বিশ্বৰ মুঠ যক্ষ্মা আক্ৰান্ত ৰোগীৰ ভিতৰত ভাৰতৰ ২৬ শতাংশ ৰোগী আছে। বিশ্বৰ ভিতৰত ভাৰততেই যক্ষ্মাত সৰ্বাধিক লোক আক্ৰান্ত হৈ আছে।

 যি সময়ত চৰকাৰে যক্ষ্মামুক্ত ভাৰত গঢ়াৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু সেই অনুসৰিয়ে চৰকাৰে কাম-কাজ আগবঢ়াই নিছে। তেনে সময়তেই এই প্ৰতিবেদনে আন এক ভয়াৱহ সংকেতৰহে আগজাননী দিছে। প্ৰতিবেদন অনুসৰি ইণ্ডোনেছিয়াত মুঠ আক্ৰান্তৰ ভিতৰত ৮.৫ শতাংশ, ফিলিপাইন্‌ছত ৬ শতাংশ, পাকিস্তানত ৫.৭ শতাংশ, নাইজেৰিয়াত ৪.৪ শতাংশ, বাংলাদেশত ৩.৬ শতাংশ আৰু দক্ষিণ আফ্ৰিকাত ৩.৬ শতাংশ অন্তৰ্ভুক্ত হৈ আছে। এইকেইখন দেশৰ ভিতৰত ভাৰততে সৰ্বাধিক যক্ষ্মা ৰোগত আক্ৰান্ত হয় বছৰি।

 ভাৰতত প্ৰতি ১ লাখ জনসংখ্যাৰ ভিতৰত গড়ে ১৯৩জন লোক যক্ষ্মা ৰোগত আক্ৰান্ত হয়। ২০১৯ত ভাৰতত যক্ষ্মা ৰোগত আক্ৰান্ত হয় ২৬,৪০,০০০জন। প্ৰতিবেদন অনুসৰি কোৰোনা মহামাৰীৰ বাবে চলিত বৰ্ষত যক্ষ্মা ৰোগীৰ সংখ্যা বৃদ্ধি পাব। বিশেষকৈ ভাৰত, ইণ্ডোনেছিয়া, ফিলিপাইন্‌ছ, দক্ষিণ আফ্ৰিকাৰ দৰে দেশত কোৰোনা মহামাৰীৰ বাবে যক্ষ্মা ৰোগত আক্ৰান্তৰ সংখ্যা ২০২০ত বৃদ্ধি পাব।