Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয় ছিৰিজ দখল অষ্ট্ৰেলিয়া মহিলা দলৰ

আলবিয়ন ঃ অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড মহিলা দলৰ মাজত অনুষ্ঠিত হোৱা তিনিখন মেচৰ এদিনীয়া ছিৰিজ ঘৰুৱা দল অষ্ট্ৰেলিয়াই দখল কৰিছে। বুধবাৰে অনুষ্ঠিত...

আলবিয়ন ঃ অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড মহিলা দলৰ মাজত অনুষ্ঠিত হোৱা তিনিখন মেচৰ এদিনীয়া ছিৰিজ ঘৰুৱা দল অষ্ট্ৰেলিয়াই দখল কৰিছে। বুধবাৰে অনুষ্ঠিত ছিৰিজৰ তৃতীয় তথা অন্তিমখন এদিনীয়াতো অষ্ট্ৰেলিয়া দলটোৱে জয় লাভ কৰি ছিৰিজ ৩-০ৰে দখল কৰিছে। অন্তিমখন এদিনীয়াত নিউজিলেণ্ড মহিলা দলটোৱে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। সেই মৰ্মে অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰিবলৈ আহি নিৰ্ধাৰিত ৫০ অভাৰত ৫টা উইকেট হেৰুৱাই ৩২৫ৰান সংগ্ৰহ কৰে। 

অষ্ট্ৰেলিয়া মহিলা দলটোৱে মেচৰ আৰম্ভণিৰে পৰা দুৰ্দান্ত বেটিং প্ৰদৰ্শন দাঙি ধৰি নিউজিলেণ্ড বিৰুদ্ধে বিশাল ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াই মেচখনত জয়ৰ বাবে বান্ধি দিয়া ৰানৰ লক্ষ্য আগতলৈ বেটিং কৰিবলৈ অহা নিউজিলেণ্ড দলটোৱে নিৰাশজনক বেটিং প্ৰদৰ্শন দাঙি ধৰে ঘৰুৱা দলটোৰ বিৰুদ্ধে। নিউজিলেণ্ড দলটোৱে ২৭ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই কেৱল ৯৩ ৰানহে সংগ্ৰহ কৰে। যাৰ বাবে মেচখনত ২৩২ৰানৰ ব্যৱধানত নিউজিলেণ্ড দলটো অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হয়।

No comments