Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোগীঘোপাত অশোক কাগজ কলত উত্তপ্ত পৰিস্থিতিঃবহিৰাগত কোম্পানীয়ে লজিষ্টিক হাব নিৰ্মাণৰ নামত কয়লা চুৰিৰ অভিযোগ

গণ বাৰ্তা, যোগীঘোপা, ১১ অক্টোবৰ ঃ বঙাইগাঁও জিলাৰ যোগীঘোপাস্থিত অশোক কাগজ কলৰ পৰিত্যক্ত কয়লা বহিৰাগত কোম্পানী এটাই চোৰাংকৈ বিক্ৰী কৰাৰ অভিযোগ...

গণ বাৰ্তা, যোগীঘোপা, ১১ অক্টোবৰ ঃ বঙাইগাঁও জিলাৰ যোগীঘোপাস্থিত অশোক কাগজ কলৰ পৰিত্যক্ত কয়লা বহিৰাগত কোম্পানী এটাই চোৰাংকৈ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰি আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অশোক কাগজ কলৰ ভূমিত নিৰ্মাণ হ’বলগীয়া বহু প্ৰত্যাশিত আন্তঃৰাষ্ট্ৰীয়  মাল্টি মডেল লজিষ্টিক হাব নিৰ্মাণৰ নামত কলটোৰ পৰিত্যক্ত অৱস্থাত থকা কয়লা বহিৰাগত কোম্পানী এটাই চুৰি কৰি কয়লা বজাৰত  বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰি উত্তৰ শালমাৰা মহকুমা নাগৰিক উন্নয়ন পৰিষদ নামৰ এটা  সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৰ নেতা-কৰ্মীয়ে স্থানীয় একাংশ লোকৰ সহযোগত বিভিন্ন প্ৰতিবাদী শ্ল’গানৰে সমদল কৰি গৈ হায়দৰাবাদৰ চিএচি নামৰ  বহিৰাগত কোম্পানী বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি হাব নিৰ্মাণৰ কাম বন্ধ কৰি দিয়ে। ঘটনাস্থলীত যোগীঘোপা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত যোৱা ২৯ জুনত খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত মন্ত্ৰী পৰিষদৰ কেবিনেট বৈঠকে সুখবৰ কঢ়িয়াই আনিছিল বঙাইগাঁও জিলাৰ যোগীঘোপাবাসীলৈ। যোগীঘোপাৰ ঐতিহাসিক অশোক কাগজ কলৰ দীৰ্ঘকাল ধৰি অব্যৱহৃত হৈ পৰি থকা ২০০ বিঘা ভূমিত দেশৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় মাল্টী মডেল লজিষ্টিক হাব স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল। ৰাজ্য চৰকাৰৰ উক্ত সিদ্ধান্তৰ পিছতে কলটোৰ অব্যৱহৃত হৈ পৰি থকা ভূমিত নিৰ্মাণ হ’বলগীয়া বহু প্ৰত্যাশিত আন্তঃৰাষ্ট্ৰীয় মাল্টি মডেল লজিষ্টিক হাব স্থাপনৰ বাবে কাম আৰম্ভ কৰে। হাব নিৰ্মাণৰ বাবে উক্ত ভূমিৰ চাৰিসীমাৰ বেৰ নিৰ্মাণ আৰু ভূমিৰ দ ঠাইত মাটি পেলাই সমান কৰাৰ ঠিকা লাভ কৰে হায়দৰাবাদৰ চিএচি নামৰ বহিৰাগত কোম্পানীয়ে। সেই অনুসৰে কোম্পানীটোৱে অশোক কাগজ কলৰ ভূমি চাফ-চিকুণৰ নামত কলটোৰ পৰিত্যক্ত অৱস্থাত থকা কয়লাসমূহ ট্ৰাকে ট্ৰাকে বহিৰাগত কোম্পানীটোৱে কয়লা বজাৰত বিক্ৰী কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে উত্তৰ শালমাৰা মহকুমা নাগৰিক উন্নয়ন পৰিষদ নামৰ সংগঠনটোৱে । সংগঠনটোৱে অভিযোগ কৰা মতে, বহিৰাগত কোম্পানীটোৱে কলটোৰ দীৰ্ঘদিনৰ পৰা পৰিত্যক্ত অৱস্থাত থকা কয়লাবোৰ দিনে-নিশাই ট্ৰাকে ট্ৰাকে সৰবৰাহ কৰি কয়লা বজাৰত বিক্ৰী কৰি আহিছে । আনকি কোম্পানীটোৱে কলটোৰ চৌহদত পৰিত্যক্ত অৱস্থাত  থকা শিল বিক্ৰী কৰাৰ যো-জা চলাই থকা সময়তে আজি সংগঠনটোৰ নেতা-কৰ্মী কলটোৰ চৌহদত উপস্থিত হৈ কোম্পানীটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। আনহাতে, সংগঠনটোৰ একাংশ নেতা-কৰ্মীয়ে কোম্পানীটোৰ এজন কৰ্মচাৰীক ঘেৰি ধৰি জবাবদিহি কৰে। পিছত কোম্পানীটোৰ কাম বন্ধ কৰি দিয়াৰ লগতে লজিষ্টিক হাবৰ প্ৰতিটো কাম উক্ত সংগঠনটোৰ সৈতে আলোচনা কৰাৰ লগতে স্থানীয় যুৱকক কৰ্মসংস্থাপন দিয়াৰ দাবী জনায় সংগঠনটোৱে।

No comments