Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ এ জে ৱাই ছি পিত যুৱকৰ যোগদান

গণ বাৰ্তা, বোকাখাত, ৮ অক্টোবৰ : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আজি বোকাখাতত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰি...



গণ বাৰ্তা, বোকাখাত, ৮ অক্টোবৰ : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আজি বোকাখাতত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিত কেইবাজনো যুৱকে যোগদান কৰে ৷ সংগঠনটোৰ বিষয়ববীয়া সকলে জানিবলৈ দিয়া মতে, অসমত খিলঞ্জীয়াৰ সমস্যা সমূহ হৈ মাত মতাৰ উদ্দেশ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতি আকৰ্ষিত হৈ নবপ্ৰজন্মৰ যুৱক সকল আগবাঢ়ি অহাত সংগঠনটোৰ বিষয়ববীয়া সকল যথেষ্ট আশাবাদী বুলি জানিবলৈ দিয়ে  ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতিৰ বিষয়ববীয়া সকলৰ উপস্থিতিত সংগঠনটোত যোগদান কৰা যুৱক সকলক উষ্ম আদৰণি জনায় ৷ লগতে অনাগত দিনত হাতত হাত ধৰি সংগঠনটোৰ আগুৱাই নিয়াৰ লগতে ৰাইজৰ হৈ মাত মাতি যোৱাৰ প্ৰণ লয় ৷  উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতিৰ সভাপতি নিলোৎপল খাউণ্ড ,সাধাৰণ সম্পাদক অনন্ত গগৈ,কেন্দ্ৰীয় সমিতিৰ   যুটীয়া সম্পাদক বিপুল বৰা ,জিলা সমিতিৰ যুটীয়া সম্পাদক কিশোৰ ছেত্ৰীৰ লগতে  বোকাখাত নগৰ সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

No comments