Page Nav

HIDE

এছ আই কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড পি কে দত্তক ন্যায়িক জিম্মালৈ প্ৰেৰণঃএছ পি সঞ্জিত কৃষ্ণžৰ দুই দেহৰক্ষীক জেৰা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ অক্টোবৰ :  ৰাজ্য কঁপোৱা এছ আই কেলেংকাৰীৰ মূল মাষ্টাৰমাইণ্ড তথা প্ৰাক্তন ডিআইজি পি কে দত্তক ন্যায়িক জিম্মালৈ প্...



ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ অক্টোবৰ :  ৰাজ্য কঁপোৱা এছ আই কেলেংকাৰীৰ মূল মাষ্টাৰমাইণ্ড তথা প্ৰাক্তন ডিআইজি পি কে দত্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। চিআইডিয়ে জিম্মাৰ ম্যাদ উকলি যোৱাৰ পিছত পুনৰ জিম্মাত নিবিচৰাৰ বাবে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে দত্তক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখ্য যে যোৱা ৬ অক্টোবৰত ভাৰত-নেপাল সীমান্তত এছ আই কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড পি কে দত্ত গ্ৰেপ্তাৰ হৈছিল। বহু চাঞ্চল্যকৰ উক্ত কেলেংকাৰীত ওতপ্ৰোতভাৱে জড়িত আছিল প্ৰাক্তন আৰক্ষী বিষয়াগৰাকী। বিজেপি নেতা দিবন ডেকাৰ সৈতে মিলি ৰাজ্যত এছ আই নিযুক্তিৰ নামত এক বৃহৎ ক’লা বজাৰ গঢ়ি তুলিছিল। ধনৰ বিনিময়ত প্ৰশ্নকাকত ফাদিলেৰে বছা বছা প্ৰাৰ্থীক লৈ হোটেলত প্ৰশিক্ষণ প্ৰদান কৰিছিল।

 ধন সংগ্ৰহ কৰা প্ৰাৰ্থীসকলক লৈ প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীৰ পত্নী মালিকানাধীন ভাৰ্গৱ হোটেলত আগতীয়াকৈ অনুষ্ঠিত হৈছিল পৰীক্ষা। এছ আই কেলেংকাৰীৰ এই ভয়াৱহ তথ্য পোহৰলৈ অহাৰ পিছতেই গ্ৰেপ্তাৰৰ ভয়ত আত্মগোপন কৰিছিল পি কে দত্তই। উক্ত কেলেংকাৰীক লৈ এজনৰ পিছত এজনকৈ অভিযুক্ত জালত পৰে। উপায়হীন হৈ অৱশেষত ভাৰত-নেপাল সীমান্তত ৰহস্যজনক অৱস্থাত পি কে দত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এছ আই কেলেংকাৰীৰ মাষ্টাৰমাইণ্ডজনক যোৱা ৭ অক্টোবৰত চিআইডিয়ে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে। আদালতে ছয় দিনৰ বাবে চিআইডিৰ জিম্মালৈ প্ৰেৰণ কৰিছিল। জিম্মাৰ ম্যাদ উকলি যোৱাত আজি পুনৰবাৰ আদালতত হাজিৰ কৰোৱা হয় দত্তক। চিআইডিয়ে পুনৰ জিম্মাত নিবিচৰাত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে দত্তক। মন কৰিবলগীয়া যে দত্তৰ জীয়াৰীয়ে ঘৰৰ পৰা ঔষধ যোগানৰ অনুমতি বিচাৰি আদালতত আবেদন দাখিল কৰিছিল। 

আদালতে সেই আবেদন গ্ৰহণ কৰে আৰু ঘৰৰ পৰা ঔষধ যোগানৰ বাবে অনুমতি প্ৰদান কৰে। দত্ত সম্পতী হৃদৰোগত ভোগাৰ লগতে দেহত অক্সিজেনৰ পৰিমাণ কমি গৈছে। লক্ষণীয় বিষয় যে নিযুক্তি কেলেংকাৰীৰ অন্যতম খলনায়ক দিবন ডেকাক ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। যোৱা সোমবাৰে দিবন ডেকা আৰু পি কে দত্তক মুখামুখিকৈ বহুৱাই চিআইডিয়ে জেৰা কৰিছিল। ইফালে এই কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত বঙাইগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা তিনিজন অভিযুক্ত ক্ৰমে ৰূপম দাস, তৰণীকান্ত বণিক্য, প্ৰদীপ মজুমদাৰ আৰু কাহিলিপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা মনজিৎ বৰাক আদালতে পাঁচদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। এছ আই কেলেংকাৰীত বৰ্তমানলৈকে ৪৭জন লোক গ্ৰেপ্তাৰ হৈছে।

 ইপিনে উক্ত কেলেংকাৰীক লৈ অনুসন্ধানকাৰী দলে অব্যাহত ৰাখিছে অভিযান। উক্ত ভয়াৱহ কেলেংকাৰীৰ সৈতে এইবাৰ নাম সাঙোৰ খাই পৰিছে ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ ভাতৃ তথা আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিৎ কৃষ্ণ। কালি চিআইডিয়ে এইগৰাকী আৰক্ষী বিষয়াক জেৰা চলোৱাৰ পিছত আজি বিষয়াগৰাকীৰ দুই নিৰাপত্তাৰক্ষীক চিআইডিয়ে মাৰাথন জেৰা চলোৱা বুলি জানিব পৰা গৈছে।


[ কাৰিকৰী অসুবিধাৰ বাবে কিছু সময়ৰ কাৰণে ফেচবুকত শ্বেৰ কৰিব নোৱাৰিব  ]