চৈয়দ নুৰুল আমিন, ধুবুৰী, ২৮ অক্টোবৰ ঃ ‘মিঞা সংগ্ৰহালয় এক হতাশ মাত্ৰ। মিঞা কি· মিঞাৰ নামত কোনো জাতি-গোষ্ঠী আছে বুলি মই নাজানো। কংগ্ৰেছ আৰু এআ...
চৈয়দ নুৰুল আমিন, ধুবুৰী, ২৮ অক্টোবৰ ঃ ‘মিঞা সংগ্ৰহালয় এক হতাশ মাত্ৰ। মিঞা কি· মিঞাৰ নামত কোনো জাতি-গোষ্ঠী আছে বুলি মই নাজানো। কংগ্ৰেছ আৰু এআইইউডিএফ দলে মিঞা সংগ্ৰহালয়ক লৈ ৰাজনীতি কৰিছে। এই দল দুটাই সংখ্যালঘু ভোটৰ কাৰণে চিন্তিত হৈ পৰিছে।’ এই মন্তব্য বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি তথা প্ৰাক্তন বিধায়ক মোক্তাৰ হুছেইন খানৰ। আজি ধুবুৰী চহৰৰ সংলগ্ন ফলিমাৰী বজাৰ এলেকাৰ এক স্কুল প্ৰাংগণত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ধুবুৰী জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাখন মৰ্চাৰ ধুবুৰী জিলাৰ সভাপতি মিৰ্জা খানৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি তথা প্ৰাক্তন বিধায়ক মোক্তাৰ হুছেইন খানক ধুবুৰীৰ আৱৰ্ত ভৱনৰ পৰা বাইক ৰেলীযোগে শোভাযাত্ৰা কৰি নি সভাথলীত উপস্থিত হয় দলৰ শতাধিক কৰ্মী।
পিছত বিজেপিৰ ধুবুৰী জিলাৰ সভাপতি ডাঃ দেৱময় সান্যালে দলীয় পতাকা উত্তোলন কৰে। শ্ৰদ্ধাঞ্জলি আৰু মাতৃ বন্দনাৰে সংখ্যালঘু মৰ্চাৰ ধুবুৰী জিলা সমিতিৰ সভাপতি মিৰ্জা খানৰ আদৰণী ভাষণেৰে সভাৰ কাৰ্যসূচী আৰম্ভ হয়। আজিৰ সভাত উপস্থিত থাকে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি তথা প্ৰাক্তন বিধায়ক মোক্তাৰ হুছেইন খান, সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সম্পাদক তথা ধুবুৰী জিলাৰ প্ৰভাৰী ওছমান গণি, অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ জিলা সভাপতি মতিয়াৰ ৰহমান, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকদ্বয় ক্ৰমে দীপক কুমাৰ সাহা আৰু ৰঞ্জিত ৰায়, বিজেপিৰ ধুবুৰী জিলাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়, মহিলা মৰ্চাৰ জিলা সভানেত্ৰী মায়াৰাণী দাসসহ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে।
No comments