Page Nav

HIDE

আমেৰিকা-বৃটেইনৰ তিনি চিকিৎসকলৈ চিকিৎসা ন’বেল বঁটাৰ সন্মান

ষ্টককহ’ম, ৫ অক্টোবৰ ঃ হেপাটাইটিছ-চি ভাইৰাছৰ উলিওৱা তিনি চিকিৎসা-বিজ্ঞানীলৈ ২০২০ৰ চিকিৎসাৰ ন’বেল আগবঢ়োৱা হৈছে। আজি ন’বেল এছেম্বলীয়ে এই কথা ঘো...

ষ্টককহ’ম, ৫ অক্টোবৰ ঃ হেপাটাইটিছ-চি ভাইৰাছৰ উলিওৱা তিনি চিকিৎসা-বিজ্ঞানীলৈ ২০২০ৰ চিকিৎসাৰ ন’বেল আগবঢ়োৱা হৈছে। আজি ন’বেল এছেম্বলীয়ে এই কথা ঘোষণা কৰিছে। ঘোষণা কৰা অনুসৰি ২০২০ৰ চিকিৎসাৰ ন’বেল লাভ কৰিছে দুই আমেৰিকান আৰু ব্ৰিটেইনৰ এগৰাকী চিকিৎসা-বিজ্ঞানীয়ে। যুটীয়াভাৱে ব্ৰিটেইনৰ চিকিৎসা-বিজ্ঞানী মাইকেল হাওটন, আমেৰিকাৰ চিকিৎসা-বিজ্ঞানী হাৰ্ভে অল্টাৰ আৰু  চাৰ্লছ ৰাইচক দিয়া হৈছে চিকিৎসাৰ ন’বেল। এই তিনিগৰাকী চিকিৎসা-বিজ্ঞানীয়ে চিকিৎসাৰ ক্ষেত্ৰত বৃহৎ অৱদান আগবঢ়োৱাৰ বাবে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ এই সন্মান আগবঢ়োৱা হৈছে। ন’বেল পুৰস্কাৰ প্ৰদান কৰা কমিটীয়ে প্ৰকাশ কৰা অনুসৰি তেওঁলোকে চিকিৎসাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে লাখতকৈও অধিক লোকৰ প্ৰাণ ৰক্ষা পৰিছে। হেপাটাইটিছ-চি ভাইৰাছৰ পৰা যকৃতত কৰ্কট হয় আৰু সেইবাবে বহু লোকৰ যকৃৎ সংৰোপণ কৰিবলগীয়া হয়। 

১৯৬০ৰ দশকত এইটো এটা ডাঙৰ চিন্তাৰ বিষয় আছিল, যিসকল লোকে আন ব্যক্তিৰ পৰা ৰক্ত লয় তেওঁলোকে এক অজ্ঞাত আৰু ৰহস্যময় বেমাৰত আক্ৰান্ত হয়। যাৰ বাবে তেওঁলোকৰ যকৃতৰ জ্বলা-পোৰা আৰম্ভ হয়। ন’বেল কমিটীয়ে প্ৰকাশ কৰা অনুসৰি ১৯৬০ৰ দশকত কোনো ব্যক্তিৰ পৰা তেজ গ্ৰহণ কৰাটো বৰ বিপদজনক আছিল। তেজ গ্ৰহণ কৰাজন মৃত্যুৰ মুখত পৰাৰো সম্ভাৱনা আছিল। ন’বেল কমিটীয়ে কয় যে ইতিহাসত প্ৰথমবাৰ এই বেমাৰৰ চিকিৎসা সম্ভৱ হৈ উঠিছে। যাৰ বাবে বিশ্বত হেপাটাইটিছ-চি ভাইৰাছ নাইকিয়া কৰাৰ আশা জাগ্ৰত হৈ উঠিছে। লগতে এইবুলিও কয় যে এতিয়া এই ভাইৰাছত ৭ কোটি লোক আক্ৰান্ত হৈ আছে আৰু বিশ্বজুৰি প্ৰতিবছৰে প্ৰায় ৪ লাখ লোকৰ প্ৰাণহানি হয়। উল্লেখ্য যে ১৯৬০ৰ দশকত হেপাটাইটিছ-এ আৰু হেপাটাইটিছ-বি আৱিষ্কাৰ কৰা হৈছিল। কিন্তু প্ৰফেছৰ হাৰ্ভে অল্টৰে ১৯৭২ত নেচনেল ইনষ্টিটিউট অৱ হেল্‌থত ৰক্ত সঞ্চাৰ কৰা ৰোগীৰ ওপৰত অধ্যয়ন চলাই এই কথা ধৰা পেলাইছিল যে তেওঁলোকৰ দেহত আন এক ৰহস্যময় ভাইৰাছৰ উপস্থিতি থাকে, যি ভাইৰাছে ৰোগীজনৰ দেহত আন ৰোগ সৃষ্টি কৰি থাকে। 

আনৰ তেজ গ্ৰহণ কৰা ৰোগীসকল সেই সময়ছোৱাত বিভিন্ন ৰোগত আক্ৰান্ত হৈছিল। তেওঁ অধ্যয়নত এই কথাও ধৰা পেলাইছিল যে সংক্ৰমিত লোকৰ দ্বাৰা যদি বনমানুহকো ৰক্ত দিয়া হয় তেনেহ’লে সেই বনমানুহটোও  হেপাটাইটিছ-চি ভাইৰাছত আক্ৰান্ত হয়।  এই ৰহস্যময় ৰোগক  নন-এ, নন-বি হেপাটাইটিছ বুলি কোৱা হৈছিল আৰু পিছত ইয়াৰ ওপৰত অধ্যয়ন চলাইছিল। প্ৰফেছৰ মাইকেল হাওটনে ঔষধ কোম্পানী ছিৰোনত কাম কৰাৰ সময়ছোৱাত ১৯৮৯ চনত এই ভাইৰাছ জেনেটিক শৃংখলাৰ সন্ধান লাভ কৰিছিল আৰু তাৰ ওপৰত তেওঁ গৱেষণা কৰিছিল। শেষত হেপাটাইটিছ-চি ভাইৰাছৰ অনুসন্ধান লাভ কৰে। উল্লেখ্য যে এই তিনি বৈজ্ঞানীক ৮,২২,৪১,৮৬৯ টকা প্ৰদান কৰিব ন’বেল কমিটীয়ে। অক্টোবৰৰ ১২ তাৰিখে অৰ্থনীতিৰ ন’বেল লাভ কৰাগৰাকীৰ নাম ঘোষণা কৰিব ন’বেল কমিটীয়ে।