Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত কবিতা পুথি উন্মোচন

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ১২ অক্টোবৰ :  যোৰহাট তৰাজানৰ পূৰ্বভাৰতী এডুকেশ্বনেল ট্ৰাষ্টত আজি উন্মোচন হ'ল তৰাজান হাইস্কুলৰ শিক্ষয়িত্ৰী কাকলি ...



ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ১২ অক্টোবৰ :  যোৰহাট তৰাজানৰ পূৰ্বভাৰতী এডুকেশ্বনেল ট্ৰাষ্টত আজি উন্মোচন হ'ল তৰাজান হাইস্কুলৰ শিক্ষয়িত্ৰী কাকলি বৰঠাকুৰৰ প্ৰথমখনি কবিতা পুথি "অনুভৱৰ আস্বাদ" ৷ উল্লেখযোগ্য যে গণিত বিষয়ৰ শিক্ষয়িত্ৰীগৰাকীয়ে ইতিমধ্যে গণিত বিষয়ক কেইবাখনো পুথি প্ৰকাশ কৰি সুধী সমাজৰ সমাদৰ পাবলৈও সক্ষম হৈছে। 
 যোৰহাট মহানগৰ কবি সন্মিলনৰ সভাপতি আৰেচা বেগমে এই কবিতা পুথি খন উন্মোচন কৰে । উল্লেখ্য যে যোৰহাট লেখিকা সমাৰোহৰ সভাপতি তৰাজান নিবাসী ইলোৰা বৰদলৈয়ে সভাপতিৰ আসন গ্ৰহণ কৰা উন্মোচনী সভাখনত আঁত ধৰে কবি ইন্দিৰা পাও গগৈয়ে । উক্ত  অনুষ্ঠানত  দৰ্শনা বৰঠাকুৰ, ঝৰ্ণামিতা বৰাইও কবিগৰাকী আৰু তেওঁৰ কৰ্মৰাজীৰ বিষয়ে বক্তব্য দাঙি ধৰে ৷লগতে  যুব কবি আকাশ প্ৰতীম গগৈয়ে এটা কবিতা পাঠেৰে পৰিৱেশটো সুন্দৰ কৰি তোলে ৷ উল্লেখ্য যে  শব্দ প্ৰকাশৰ স্বত্বাধিকাৰ তথা বিশিষ্ট কবি ৰণজিত গগৈয়ে সোণসেৰীয়া বক্তব্যৰে অনুষ্ঠানটো সুন্দৰ কৰি তুলিছিল ৷ এই শব্দ প্ৰকাশেই প্ৰকাশ কৰা এই কবিতা পুথিখনে পঢ়ুৱৈৰ সমাজৰ আদৰ পাব বুলি উপস্থিত ব্যক্তিসকলে উল্লেখ কৰে ৷

No comments