Page Nav

HIDE

প্ৰশ্নকাকত ফাদিলৰ মাষ্টাৰ মাইণ্ড কুমাৰ সঞ্জিত কৃষ্ণžক গ্ৰেপ্তাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৫ অক্টোবৰ ঃ অৱশেষত গ্ৰেপ্তাৰ হ’ল প্ৰশ্নকাকত ফাদিলৰ মূল মাষ্টাৰমাইণ্ড তথা কৰিমগঞ্জৰ তদানীন্তন আৰক্ষী অধীক্ষক কুমা...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৫ অক্টোবৰ ঃ অৱশেষত গ্ৰেপ্তাৰ হ’ল প্ৰশ্নকাকত ফাদিলৰ মূল মাষ্টাৰমাইণ্ড তথা কৰিমগঞ্জৰ তদানীন্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিৎ কৃষ্ণ। দুদিন ধৰি পলাতক হৈ থকা সঞ্জিৎ কৃষ্ণই আজি পুৱাৰ ভাগত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত উপস্থিত হয়। দিনজোৰা মাৰাথন জেৰাৰ অন্তত আৰক্ষী বিষয়াজনক চিআইডিয়ে গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকগৰাকীৰ চৰকাৰী বাসগৃহৰ পৰাই ফাদিল হৈছিল এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত। পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া দিনটোৰ দুদিন পূৰ্বে, অৰ্থাৎ ১৮ ছেপ্টেম্বৰত দিবন ডেকা আৰু ৰুবুল হাজৰিকা কৰিমগঞ্জলৈ গৈছিল। কৰিমগঞ্জত সঞ্জিৎ কৃষ্ণৰ চৰকাৰী বাসগৃহত ট্ৰাংক খুলি প্ৰশ্নকাকতৰ ফটো ম’বাইলত লোৱা হৈছিল। দিবন ডেকা আৰু ৰুবুল হাজৰিকাই তাৰ পৰাই হোৱাট্‌ছএপৰ জৰিয়তে বছা বছা প্ৰাৰ্থী তথা ধন সংগ্ৰহ কৰা প্ৰাৰ্থীসকলক লৈ আগতীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল। প্ৰশ্নকাকত ফাদিলৰ বাবে আৰক্ষী অধীক্ষকগৰাকীয়ে লাভ কৰিছিল ৪০ লাখ টকা। ৪০ লাখ টকাৰ বিনিময়তেই তদানীন্তন আৰক্ষী অধীক্ষক সঞ্জিৎ কৃষ্ণই জুনিয়ৰ পি কেৰ সৈতে মিলি প্ৰশ্নকাকত ফাদিলত জড়িত হৈ পৰিছিল। 

দিবন ডেকা আৰু ৰুবুল হাজৰিকাক জেৰা কৰাৰ পিছতেই এনেবোৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। উক্ত এছ আই কেলেংকাৰীৰ প্ৰশ্নকাকত ফাদিলৰ মূল মাষ্টাৰমাইণ্ড হিচাপে চিহ্নিত সঞ্জিৎ কৃষ্ণক কেইদিনমান পূৰ্বে চিআইডিয়ে মাৰাথন জেৰা চলোৱাৰ লগতে আৰক্ষী বিষয়াগৰাকীৰ দেহৰক্ষী আৰু আন পাঁচজন আৰক্ষীৰ জৱানবন্দি সংগ্ৰহ কৰিছিল। প্ৰশ্নকাকত ফাদিলত যে সঞ্জিৎ কৃষ্ণ জড়িত আছিল সেয়া একপ্ৰকাৰ স্পষ্ট আছিল। কালি সঞ্জিৎ কৃষ্ণক চিআইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল যদিও এদিন পূৰ্বৰে পৰাই আত্মগোপন কৰিছিল। কালি চিআইডিৰ এটা দলে উলুবাৰীৰ বাসগৃহত অভিযান চলাইছিল যদিও সঞ্জিৎ কৃষ্ণ পলাতক অৱস্থাত আছিল। গ্ৰেপ্তাৰৰ ভয়ত সঞ্জিৎ কৃষ্ণই এজনৰ পিছত এজনকৈ অধিবক্তাৰ সৈতে যোগাযোগ কৰিছিল যদিও ইতিবাচক সঁহাৰি লাভ কৰা নাছিল। চিআইডিয়ে তলব কৰাৰ পিছতো হাজিৰ নোহোৱাত বিপদ নিশ্চিত বুলি উমান পাই আজি দিনৰ ১১ বজাত হঠাৎ ডিজিপিৰ কাৰ্যালয়ত উপস্থিত হয় সঞ্জিৎ কৃষ্ণ। 

এডিজিপি জি পি সিঙৰ লগতে চিআইডিৰ এটা বৃহৎ দলে সঞ্জিৎ কৃষ্ণক ওৰে দিনটো মাৰাথন জেৰা চলায়। কে’বাটাও ভাগত বিভক্ত হৈ জেৰা চলোৱাৰ অন্তত চিআইডিয়ে সঞ্জিৎ কৃষ্ণক গ্ৰেপ্তাৰ কৰে। চিআইডিৰ দলে সঞ্জিৎ কৃষ্ণক কাৰ্যালয়লৈ নি মাৰাথন জেৰা চলাই আছে। সঞ্জিৎ কৃষ্ণই মুখ খুলিলে আৰু বহু বিয়াগোম নেতা যে জালত পৰিব সেয়া নিশ্চিত হৈছে। মন কৰিবলগীয়া যে ৰাজ্য কঁপোৱা এছ আই কেলেংকাৰীৰ সৈতে জড়িত ইতিমধ্যে ৪৭জনকৈ লোক গ্ৰেপ্তাৰ হৈছে। জব্দ হৈছে প্ৰায় ৬ কোটি টকা। প্ৰশ্নকাকত ফাদিলেৰে ৰমৰমীয়া ব্যৱসায় চলোৱা এই সমস্ত ক’লা বজাৰত জড়িত হৈ পৰিছিল বিজেপি নেতা, অক্ষয় টেলিকমিউনিকেচনৰ স্বত্বাধিকাৰী, প্ৰাক্তন ডিজিপি পি কে দত্তকে ধৰি আৰু বহুজন। ইতিমধ্যে পি কে দM, দিবন ডেকা কাৰাগাৰাত আবদ্ধ হৈ আছে। উক্ত ভয়াৱহ কেলেংকাৰীত নাম সাঙোৰ খাই পৰা প্ৰশান্ত বৰুৱা আৰু গৌতম মেচ এতিয়াও পলাতক হৈ আছে।

 পি কে দত্তৰ দেহৰক্ষী জয়দেৱক গ্ৰেপ্তাৰ কৰাৰ পিছতেই বহু তথ্য পোহৰলৈ আহিছিল। কালি নিশাৰ ভাগত জয়দেৱৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে ২৫ লাখ টকা জব্দ কৰিবলৈ সক্ষম হৈছিল। মূলতঃ শদিয়াৰ পৰা ধুবুৰীলৈকে এছ আই কেলেংকাৰীৰ বৃহৎ নেটৱৰ্ক গঢ়ি উঠিছিল। ১০-১২ লাখ টকাৰ বিনিময়ত চাকৰিৰ মুকলি বজাৰ চলিছিল। আগধন হিচাপে ৫-১০ লাখ টকাকৈ সংগ্ৰহ কৰা হৈছিল। ধন সংগ্ৰহ কৰা প্ৰাৰ্থীসকলক ফাদিল প্ৰশ্নকাকতেৰে প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল মহানগৰীৰ ভাৰ্গৱ হোটেল, থেংক ইউ লজকে ধৰি ৰাজ্যৰ কে’বাটাও স্থানত। আৰক্ষীৰ তদন্তত এই কেলেংকাৰীৰ ন ন তথ্য পোহৰলৈ আহিছে। কৰিমগঞ্জৰ তদানীন্তন আৰক্ষী অধীক্ষক সঞ্জিৎ কৃষ্ণৰ নেতৃত্বতেই ফাদিল হৈছিল এছ আইৰ প্ৰশ্নকাকত।