নতুন দিল্লী, ৩০ অক্টেবৰঃ ভাৰতৰ অনুৰ্ধ-১৬ দলৰ পূৰ্বৰ কেপ্টেইন বিক্ৰম প্ৰতাপ সিঙে অনুভৱ কৰে যে প্ৰশিক্ষক বিবানো ফাৰ্নাণ্ডেৰ তত্বাৱধানত প্ৰস্ত...
নতুন দিল্লী, ৩০ অক্টেবৰঃ ভাৰতৰ অনুৰ্ধ-১৬ দলৰ পূৰ্বৰ কেপ্টেইন বিক্ৰম প্ৰতাপ সিঙে অনুভৱ কৰে যে প্ৰশিক্ষক বিবানো ফাৰ্নাণ্ডেৰ তত্বাৱধানত প্ৰস্তুত কৰি থকা দেশৰ বৰ্তমানৰ অনুৰ্ধ-১৬ দলত ১৭ বছৰৰ কম বিশ্বকাপৰ বাবে যোগ্যতা লাভ কৰাৰ শক্তি আছে। বিক্ৰমে কৈছিল যে বৰ্তমান দলটো তেওঁৰ দলতকৈ ভাল, যি দুবছৰ আগতে যোগ্যতাৰ পৰা ৯০ মিনিট বাদ পৰিছিল।এআইএফএফ ডট টিভিৰ সৈতে হোৱা এক সাক্ষাতকাৰত বিক্ৰমে কয়, “মই বৰ্তমানৰ অনুৰ্ধ-১৬ দলটো দেখিছোঁ আৰু মই ভাবো তেওঁ আমাতকৈ ভাল। দলটোৱে যিহেতু কঠোৰ প্ৰৰিশ্ৰম কৰি আছে, ই অনুৰ্ধ-১৭ বিশ্বকাপৰ বাবে যোগ্যতা লাভ কৰিব পাৰে’’৷ লগতে তেওঁ কয় “যুৱ পৰ্য্যায়ত যথেষ্ট কাম কৰিব লাগিব,’’ এ.চি.চি. অনুৰ্ধ-১৬ চেম্পিয়নশ্বিপ-২০১৮-ত দলটো কোৱাৰ্টাৰলৈ নিবলৈ সক্ষম হৈছিল আৰু মই ভাবো আমাৰ অনুৰ্দ্ধ-১৬ দলটোৱে প্ৰতিবাৰেই এ.চি.চি. চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা লাভ কৰিবলৈ সক্ষম হওক আৰু আশা কৰোঁ যে আমি প্ৰথমে বিশ্বকাপ খেলিম। বৰ্তমান ৰ খেলুৱৈসকলৰ খেলৰ প্ৰতি ভাল নিয়ন্ত্ৰণ কৰি আছে, সেইবোৰ দেখি ভাল মনত উচ্ছাহ আৰু ভাল লাগে। “
No comments