Page Nav

HIDE

২০২১ৰ জুলাইৰ ভিতৰত ২৫ কোটি ভাৰতীয়ই পাব ক’ভিড ১৯ৰ ভেকচিন : কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনৰ ঘোষণা

নতুন দিল্লী, ৪ অক্টোবৰ ঃ  সমগ্ৰ বিশ্বৰ লগতে ভাৰতত ক’ভিড-১৯ মহামাৰীয়ে বৰ্তমানো ভয়াৱহতাৰ সৃষ্টি কৰি আছে। বিশ্বৰ আন দেশসমূহৰ তুলনাত ভাৰতত বৰ্তম...

নতুন দিল্লী, ৪ অক্টোবৰ ঃ  সমগ্ৰ বিশ্বৰ লগতে ভাৰতত ক’ভিড-১৯ মহামাৰীয়ে বৰ্তমানো ভয়াৱহতাৰ সৃষ্টি কৰি আছে। বিশ্বৰ আন দেশসমূহৰ তুলনাত ভাৰতত বৰ্তমানো দৈনিক ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা ৭৫ হাজাৰতকৈ অধিক হৈ আছে। এনে সময়তেই সমগ্ৰ বিশ্বৰ লগতে দেশবাসীয়ে কোৰোনা মহামাৰীৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে ক’ভিড-১৯ৰ ভেকচিনলৈ আগ্ৰহৰে অপেক্ষাৰত হৈ আছে। বিশ্বজুৰি এতিয়া ক’ভিড-১৯ৰ ভেকচিন উদ্ভাৱনকাৰ্য চলি আছে। ভাৰততো ক’ভিড-১৯ৰ ভেকচিন উদ্ভাৱনৰ কাৰ্য চলি আছে। এনে সময়তে আজি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে ঘোষণা কৰিছে যে ২০২১ৰ জুলাইৰ ভিতৰত ২০-২৫ কোটি ভাৰতীয়ই লাভ কৰিব কোৰোনাৰ ভেকচিন। অৰ্থাৎ ২০-২৫ কোটি ভাৰতীয়ক আগন্তুক বৰ্ষৰ জুলাই মাহৰ ভিতৰত কোৰোনা ভেকচিন দিয়াব কেন্দ্ৰীয় চৰকাৰে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আজি প্ৰকাশ কৰিছে যে দেশৰ প্ৰতিগৰাকী নাগৰিকক ক’ভিড-১৯ৰ ভেকচিন দিয়াৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে।

ইয়াৰ বাবে এখন উচ্চস্তৰীয় কমিটীয়েও গঠন কৰা হৈছে বুলি প্ৰকাশ কৰি তেওঁ এই বুলিও কয় যে ৪০-৫০ কোটি ক’ভিড-১৯ৰ ভেকচিন আগন্তুক বৰ্ষৰ জুলাইৰ ভিতৰত সাজু কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। তেওঁ কয়, ভেকচিন উদ্ভাৱনৰ কাৰ্য সম্পন্ন হোৱাৰ পিছত টিকাকৰণ দিয়াৰ কাৰ্য আৰম্ভ হ’ব। ইয়াৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ে এক পৰিকল্পনা যুগুত কৰিছে। লগতে এখন ফাৰ্ম তৈয়াৰ কৰিছে ক’ভিড-১৯ ভেকচিনৰ বাবে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়, ৰাজ্য চৰকাৰসমূহে তেওঁলোকক অৱগত কৰক, কোনসকল লোকক সৰ্বপ্ৰথমে ক’ভিড ভেকচিনৰ প্ৰয়োজন। সেইসকল লোককে সৰ্বপ্ৰথমে ক’ভিড ভেকচিন দিয়া হ’ব বুলি প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

 উল্লেখ্য যে ভাৰতত দ্ৰুত হাৰত ক’ভিড-১৯ৰ পৰা সুস্থ হৈ থকা লোকৰ সংখ্যা বৃদ্ধি পাইছে। যোৱা ১৩ দিন ধৰি দৈনিক সক্ৰিয় কোৰোনা ৰোগীৰ সংখ্যা দহ লাখলৈ হ্ৰাস পাইছে। যোৱা ২৪ ঘণ্টাত দেশত ৭৫,৮২৯জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ বিপৰীতে ৮২,২৬০জন সুস্থ হৈ উঠিছে। আজি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, সৰ্বপ্ৰথমে ক’ভিড-১৯ৰ ভেকচিন প্ৰদান কৰা হ’ব স্বাস্থ্যকৰ্মী, আশাকৰ্মী আৰক্ষীৰ লগতে আনসকল লোকক। অক্টোবৰৰ ভিতৰতেই ক’ভিড-১৯ ভেকচিন প্ৰদানৰ সম্পূৰ্ণ পৰিকল্পনা প্ৰস্তুত কৰি তোলা হ’ব।