Page Nav

HIDE

কৃষক মুক্তিৰ নতুন ৰাজনৈতিক দল : অখিলৰ ওপজা দিনত ৰাজনৈতিক দলটোলৈ ৰাইজৰ স্বাৰ্থত কাম কৰাৰ আহ্বান মাতৃ প্ৰিয়দা গগৈৰ

গণ বার্তা, নকছাৰী ,২ অক্টোবৰ :  কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ আজি ওপজা দিন।এই দিনটোতে অসমত অংকুৰিত হল এটা নতুন ৰাজনৈতিক দলৰ।কৃষক মুক্তিৰ নতু...



গণ বার্তা, নকছাৰী ,২ অক্টোবৰ :  কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ আজি ওপজা দিন।এই দিনটোতে অসমত অংকুৰিত হল এটা নতুন ৰাজনৈতিক দলৰ।কৃষক মুক্তিৰ নতুন ৰাজনৈতিক দল গঠনৰ পিচতে উৎফুল্লিত হৈ পৰিছে অখিল গগৈৰ মাতৃৰ লগতে সমূহ গাওবাসী।
কৃষক মুক্তি তথা ৭০টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত  গঠন হোৱা নতুন ৰাজনৈতিক দলটোক লৈ খুৱেই আশাবাদী অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ।শুকুৰবাৰে মৰিয়নি সমষ্টিৰ চেলেংহাট লুসুৰাখন গাৱত কাৰাৰুদ্ধ পুত্ৰ অখিল গগৈৰ ওপজা দিনৰ কেক কাটি পুত্ৰৰ জন্মদিন গাওবাসীৰ সৈতে উদযাপন কৰিলে মাতৃ প্ৰিয়দা গগৈয়ে।গাৱৰ নামঘৰতো গাওবাসীয়ে কেক কাটি পালন কৰিলে কৃষকনেতাগৰাকীৰ ৪৬সংখ্যক ওপজা দিন।ইফালে নতুন আঞ্চলিক ৰাজনৈতিক দলটোলৈ আৰ্শীবাদ দি আহ্বান জনালে খাতিখোৱা খিলঞ্জীয়াৰ স্বাৰ্থৰ হকে কাম কৰাৰ বাবে।
ইফালে নতুন ৰাজনৈতিক দল গঠন হোৱাত উৎফুল্লিত হৈ পৰা অখিল গগৈৰ গাওবাসীয়ে আনন্দ উল্লাস কৰাৰ লগতে গাৱৰ যুৱকসকলে এক বাইক ৰেলীও বাহিৰ কৰে ৷ ( সপোন ৰহমান শইকীয়া মৰিয়নী )