Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ডিব্ৰুগড় চহৰত হাই মাষ্ট এল ই ডি লাইটৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ

ৰাজ্যখনত ১৩ হাজাৰ টা খাদ্য সংসাধন উদ্যোগ স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে পদেŽপ গ্ৰহণ কৰিছেঃ মুখ্যমন্ত্ৰী গুৱাহাটী, ৩১ অক্টোবৰ ঃ মুখ্যমন্ত্ৰী স...

ৰাজ্যখনত ১৩ হাজাৰ টা খাদ্য সংসাধন উদ্যোগ স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে পদেŽপ গ্ৰহণ কৰিছেঃ মুখ্যমন্ত্ৰী

গুৱাহাটী, ৩১ অক্টোবৰ ঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ৰাজ্য চৰকাৰৰ অধীনস্থ নগৰ উন্নয়ন বিভাগৰ উদ্যোগত ডিব্ৰুগড় পৌৰসভাৰ দ্বাৰা ডিব্ৰুগড় নগৰত স্থাপিত ৩০টা হাই মাষ্ট এল ই ডি লাইটৰ শুভ উদ্বোধন কৰে। উল্লেখ্য যে এই হাই মাষ্ট এল ই ডি লাইট সংযোজনৰ বাবে ৰাজ্য চৰকাৰে ১.৫ কোটি টকা অনুমোদন জনাইছিল। এই উপলক্ষে এইচ এছ ৰোডত আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ১৮০ বছৰীয়া ডিব্ৰুগড় এক ঐতিহাসিক চহৰ। ইংৰাজৰ শাসনকালতে ডিব্ৰুগড় চহৰে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। তেওঁ কয় যে বিজেপি চৰকাৰে শাসনভাৰ লোৱাৰ পিছতে ৰাজ্যৰ ৬খন চহৰক সজাই-পৰাই তোলাৰ বাবে প্ৰথম বাজেটতে প্ৰতিখন চহৰৰ বাবে ২০০ কোটি টকা ব্যয় কৰাৰ বাবে অনুমোদন জনায়।

 তাৰ ভিতৰত ডিব্ৰুগড় চহৰকো সন্নিৱিষ্ট কৰা হৈছিল। নিৰ্দ্ধাৰিত এই পুঁজিৰে ডিব্ৰুগড় চহৰখনৰ আধুনিকীকৰণ কৰাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। বৰ্তমান যুগ প্ৰতিযোগিতাৰ যুগ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ঐতিহ্যপূৰ্ণ ডিব্ৰুগড়ক এখন স্মাৰ্ট টাউন হিচাপে গঢ়ি তোলা, সকলো অত্যাধুনিক সা-সুবিধাৰে জনসাধাৰণক সেৱা আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰে পৰ্যায়ক্ৰমে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। তেওঁ লগতে কয় যে আগন্তুক দিনত চহৰখনত ৫০০টা ষ্ট্ৰীট ছ’লাৰ লাইট স্থাপন কৰা হ’ব, যাতে চহৰখনক জিলিকাই ৰাখিব পৰা যায়। ডিব্ৰুগড় চহৰত বিভিন্ন ভাষা-ভাষী, ধৰ্মাৱলম্বী লোকে বসবাস কৰি আহিছে। এই মিলাপ্ৰীতিৰ বাতাৱৰণ জীয়াই ৰাখিব লাগিব। একবিংশ শতিকাৰ প্ৰতিযোগিতাৰ পৃথিৱীত নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব লাগিলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব।

 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ৰ সপোন বাস্তৱায়িত কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ কয় যে কেন্দ্ৰীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৰাজ্যখনত খাদ্য সংসাধন উদ্যোগ স্থাপনৰ বাবে নিৰলস প্ৰয়াস চলাই আহিছে। ৰাজ্যখনত ১৩ হাজাৰটা খাদ্য সংসাধন উদ্যোগ স্থাপনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কাম কৰি আছে বুলিও তেওঁ কয়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰখনক সুন্দৰ কৰি ৰাখিব লাগিব।

ইয়াৰ বাবে ৰাজ্য চৰকাৰে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। সভাত ভাষণ দি স্থানীয় বিধায়ক প্ৰশান্ত ফুকনে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে ৰাজ্যখনৰ সকলো প্ৰান্তৰে সম উন্নয়নত গুৰুত্ব আৰোপ কৰি আহিছে। আজিৰ এই অনুষ্ঠানত বিধায়ক ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, অসম গৃহ নিৰ্মাণ পৰিষদৰ উপাধ্যক্ষ সুভাষ দত্ত, অসম গেছ কোম্পানী লিমিটেডৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

No comments