Page Nav

HIDE

এছ আই কেলেংকাৰীত জড়িতসকলক উপযুক্ত শাস্তিৰ দাবীত বৰপেটাৰোডত মানৱ শৃংখল কাৰ্যসূচী অসম জাতীয়তাবাদী যুৱ পৰিষদৰ

                                          গণ বাৰ্তা, বৰপেটাৰোড, হাউলী, ১৫ অক্টোবৰ ঃ মূল্যবৃদ্ধি ৰোধ কৰা, ধঁপাতজাতীয় সামগ্ৰীৰ ব্যৱসায় বন্ধ কৰ...

                                 

গণ বাৰ্তা, বৰপেটাৰোড, হাউলী, ১৫ অক্টোবৰ ঃ মূল্যবৃদ্ধি ৰোধ কৰা, ধঁপাতজাতীয় সামগ্ৰীৰ ব্যৱসায় বন্ধ কৰা, এছ আই কেলেংকাৰীত জড়িত ব্যক্তিসকলক উপযুক্ত শাস্তি দিয়াৰ দাবীত বৃহস্পতিবাৰে দিনৰ বাৰ বজাত বৰপেটাৰোডত এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত ৰূপায়িত হোৱা মানৱ শৃংখল কাৰ্যসূচীত আলু, পিঁয়াজৰ মূল্য বৃদ্ধি ৰোধ কৰক, আই পি এলৰ নামত জুৱা বন্ধ কৰক, বৰপেটাৰোডৰ বাট-পথ নিৰ্মাণ কৰক, অসম জাতীয়তাবাদী যুৱ পৰিষদ জিন্দাবাদ আদি শ্লে­াগান দি উত্তাল কৰি তোলে। ৰাজ্যিক বিজেপিৰ সভাপতিৰ গৃহচহৰ বৰপেটাৰোডৰ শিমলাগুৰীৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথছোৱা জৰাজীৰ্ণ হৈ থকাত ক্ষোভ প্ৰকাশ কৰি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নেতা ৰূপম নাথে বৰপেটাৰোডৰ বাবুপাৰা, খৈৰাবাৰী, কলহভাঙ্গা আদি অঞ্চলত অবাধে চলি থকা আই পি এল জুৱা বন্ধ কৰাৰো দাবী জনায়।